April 19, 2025 8:09 PM

views 11

উচ্চতৰ মাধ্যমিক একাদশ শ্ৰেণীৰ পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত মহম্মদ আশিকক গ্ৰেপ্তাৰ

একাদশ শ্ৰেণীৰ পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকত ফাদিল কৰাৰ ঘটনাৰ মূল অভিযুক্ত মহম্মদ আশিকক আজি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰিছে। ইউ পি আইৰ সহায়ত ধনৰ লেনদেনৰ তথ্যৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। চিকিৎসা বিজ্ঞানৰ ছাত্ৰ মহম্মদ আশিক পূৰ্বেও চুৰি কাণ্ড আৰু অপহৰণৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বুলি আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে। অভিযুক্তজনক আজি আদালতত হাজিৰ কৰোৱা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।