October 15, 2024 10:56 AM October 15, 2024 10:56 AM
2
উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনিৰ সিদ্ধান্ত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডৰ
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ পদ্ধতি সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি ২০২৫ চনত হ'বলগীয়া উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাত বিজ্ঞান, কলা আৰু বাণিজ্য শাখাৰ ১২টাকৈ বিষয়ৰ প্ৰশ্নকাকতৰ পদ্ধতি নতুন হ'ব। বিদ্যালয় শিক্ষা ব’র্ডে এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি ১২ টাকৈ বিষয়ৰ থিঅ'ৰীৰ মুঠ নম্বৰৰ ৫০ শতাংশ প্ৰশ্ন হ'ব বহু বিকল্পধর্মী অর্থাৎ এম চি কিউভিত্তিক। এই বহু বিকল্পধর্মী প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব এক নম্বৰকৈ। আনহাতে বাকী ৫০ শতাংশ...