January 21, 2025 7:09 PM January 21, 2025 7:09 PM
4
উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ বাবে ৩০ জানুৱাৰীলৈ পুনৰ প’ৰ্টেল মুকলি
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ বাবে কাইলৈৰ পৰা ৩০ জানুৱাৰীলৈ সংশ্লিষ্ট প’ৰ্টেল পুনৰ মুকলি কৰিব। পৰিষদে আজি এখন জাননীযোগে সকলো শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক অনলাইন প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া ৩০ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। পৰৱৰ্তী সময়ত এই সময়সীমা কোনো কাৰণতে বৃদ্ধি কৰা নহয় বুলিও পৰিষদে নিৰ্দেশটোত স্পষ্ট কৰি দিছে।