January 21, 2025 6:59 PM January 21, 2025 6:59 PM

views 6

অহা ৬ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী প্রকাশ কৰিছে। সেই অনুসৰি অহা ৬ মাৰ্চৰ পৰা পৰীক্ষা আৰম্ভ হ'ব আৰু ২৯ মাৰ্চত অন্ত পৰিব। পুৱাৰ ভাগত ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে পিছবেলা ৩০ আৰু ৫০ নম্বৰৰ প্ৰশ্নকাকতৰ বাবে দিনৰ ডেৰ বজাৰ পৰা বিয়লি চাৰে ৩ বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব।