July 30, 2024 8:36 PM July 30, 2024 8:36 PM
5
ঝাৰখণ্ডৰ বৰাবাম্বো-খৰছাৱা ৰে’ল ষ্টেচনৰ মাজত হাওৰা-মুম্বাই মেইলৰ ১৮টা দবা লাইনচ্যুত, দুজন লোকৰ মৃত্যু
ঝাৰখণ্ডৰ চক্ৰধৰপুৰ ৰে’ল সংমণ্ডলৰ বৰাবাম্বো আৰু খৰছাৱা ৰে'ল ষ্টেচনৰ মাজত আজি পুৱা হাওৰা-মুম্বাই মেইলৰ ১৮ টা দবা লাইনৰ পৰা বাগৰি পৰাত দুজন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য কেইবাজনো লোক আহত হয়। আহত যাত্ৰীসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৰেল বিভাগে গুৰুতৰভাৱে আহত যাত্ৰীসকলক ৫ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ লগতে আহত যাত্ৰীসকলক ১ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াইছে। টাটানগৰ-চক্ৰধৰপুৰ ৰে'লপথত কেইবাখনো ৰেলৰ যাত্ৰা বাতিল কৰাৰ লগতে আন কেইবাখনো ৰেলৰ যাত্ৰাপথৰ সলনি কৰা হৈছে। দুৰ্ঘটনাস্থলীত উদ্ধ...