December 3, 2025 8:31 PM

views 18

নাগালেণ্ডৰ কোহিমাৰ কিচামা গাঁৱৰ হৰ্ণবিল মহোৎসৱস্থলীত অগণন লোকৰ সমাগম

লোকনৃত্য, থলুৱা খাদ্য সম্ভাৰ আৰু সুৰীয়া সংগীতেৰে উখল মাখল হৈ পৰা নাগালেণ্ডৰ কোহিমাৰ কিচামা গাঁৱৰ হৰ্ণবিল মহোৎসৱস্থলীত আজিও বহু লোকৰ সমাগম হয়। নগা যুৱক-যুৱতীৰ আকৰ্ষণীয় লোকনৃত্য পৰিবেশন আৰু দেশ-বিদেশৰ শিল্পীসকলৰ গীতে উপস্থিত জনসাধাৰণক আপ্লুত কৰিছে। জনজাতীয় নৃত্য-গীতে উৎসৱমুখৰ কৰি তোলা এই স্থান বিভিন্ন হস্তকলা আৰু থলুৱা ক্রীড়া প্ৰতিভা প্ৰদৰ্শনৰো থলী হিচাপে বিবেচিত হৈছে। প্ৰতি সন্ধিয়া এই মহোৎসৱত সংগীতানুষ্ঠানে দর্শকসকলক আকৰ্ষিত কৰিছে। আজি মহোৎসৱস্থলীত সমুহীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন ...

December 2, 2025 12:11 PM

views 22

নাগালেণ্ডত কালিৰে পৰা ১০ দিনীয়াকৈ ২৬ সংখ্যক হর্নবিল মহোৎসৱ আৰম্ভ

নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত কালিৰে পৰা ১০ দিনীয়াকৈ ২৬ সংখ্যক হর্নবিল মহোৎসৱ অনুষ্ঠিত হৈছে। মহোৎসৱত ৰাজ্যখনৰ লোক কথা, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বর্ণাঢ্য সংস্কৃতিক প্রদর্শন কৰা হৈছে। কিচামা গাঁৱৰ ইউনিটি প্লাজাত কালি বিয়লি চাৰি বজাত উদ্বোধনী কার্যসূচী অনুষ্ঠিত হয়। নাগালেণ্ডৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই বছৰ ব্রিটেইন আয়াৰলেণ্ড, ফ্রান্স, অস্ট্রিয়া, মাল্টা আৰু ছুইজাৰলেণ্ডে সহযোগী দেশ হিচাপে আৰু অৰুণাচল প্রদেশে সহযোগী ৰাজ্য হিচাপে যোগদান কৰিছে।...

December 1, 2025 8:24 PM

views 22

নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজিৰে পৰা ১০ দিনীয়াকৈ ২৬ সংখ্যক হর্নবিল মহোৎসৱ

নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজিৰে পৰা ১০ দিনীয়াকৈ ২৬ সংখ্যক হর্নবিল মহোৎসৱ অনুষ্ঠিত হৈছে। মহোৎসৱত ৰাজ্যখনৰ লোক কথা, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বৰ্ণাঢ্য সংস্কৃতিক প্ৰদৰ্শন কৰা হৈছে। কিচামা গাঁৱৰ ইউনিটি প্লাজাত আজি বিয়লি চাৰি বজাত উদ্বোধনী কার্যসূচী অনুষ্ঠিত হয়। নাগালেণ্ডৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই বছৰ ব্ৰিটেইন আয়াৰলেণ্ড, ফ্রান্স, অষ্টিয়া, মাল্‌ল্টা আৰু ছুইজাৰলেণ্ডে সহযোগী দেশ হিচাপে আৰু অৰুণাচল প্রদেশে সহযোগী ৰাজ্য হিচাপে যোগদান ক...

December 1, 2025 10:46 AM

views 31

২৬ সংখ্যক হর্নবিল মহোৎসৱ আৰম্ভ

● নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজি ২৬ সংখ্যক হর্নবিল মহোৎসৱ আৰম্ভ হ'ব। নাগালেণ্ডৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা দিৱসৰ সৈতে একেলগে আয়োজন কৰা এই ১০ দিনীয়া মহোৎসৱত নগা জনজাতিসকলক একেলগ কৰি ৰাজ্যখনৰ লোক সংগীত, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বৰ্ণাঢ্য সংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। প্রায় দুই দশক পূৰ্বে পৰ্যটনৰ পদক্ষেপ হিচাপে আৰম্ভ কৰা হর্নবিল মহোৎসৱ বৰ্তমান বিশ্বৰ অন্যতম আকর্ষণীয় সাংস্কৃতিক মহোৎসৱ হিচাপে পৰিগণিত হৈছে। এই মহোৎসৱে এখন গোলকীয় মঞ্চ হিচাপে দেশ-বিদেশৰ পর্যটক, সহযোগী তথা শিল্পীসকলক আকৰ্ষণ ...

December 11, 2024 10:35 AM

views 28

২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ কালি সামৰণি

নাগালেণ্ডৰ কিচামা গাঁৱত অনুষ্ঠিত ২৫ সংখ্যক হৰ্ণবিল মহোৎসৱৰ কালি সামৰণি পৰে। এই উপলক্ষে কালি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যখনৰ পৰ্যটন মন্ত্ৰী আৰু মহোৎসৱৰ আয়োজক টেমজেন ইন্নাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ লগতে অভ্যাগতসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। কালিৰ অনুষ্ঠানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ প্ৰতিনিধি গ্ল’ৰিয়া বাৰবেনাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে মহোৎসৱৰ ১০ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত কেইবাগৰাকীও কেন্দ্রীয় মন্ত...

December 1, 2024 12:14 PM

views 25

নাগালেণ্ডৰ বহু প্ৰতিক্ষিত হৰ্ণবিল মহোৎসৱ আজি আৰম্ভ

নাগালেণ্ডৰ বহু প্ৰতিক্ষিত হৰ্ণবিল মহোৎসৱ আজি আৰম্ভ হ'ব। এইবাৰ এই মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হ'ব। এইবাৰৰ মহোৎসৱত নাগালেণ্ড চৰকাৰৰ সৈতে ৱেলছ, জাপান, পেৰু আৰু আমেৰিকাই সহযোগ আগবঢ়াইছে। আনহাতে ছিকিম আৰু তেলেংগানায়ো এই মহোৎসৱত সহযোগিতা আগবঢ়াইছে। ১০ দিনীয়া এই উৎসৱ হৈছে নাগা সম্প্ৰদায়ৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ উৎসৱ। উল্লেখযোগ্য যে নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰত্বত অৱস্থিত নাগা হেৰিটেজ কিছামাত - উৎসৱৰ উৎসৱ হিচাপে অভিহিত হৰ্ণবিল মহোৎসৱৰ আয়োজন কৰা হৈছে। আজি সন্ধি...