September 11, 2025 3:12 PM September 11, 2025 3:12 PM
13
হংকং অ’পেন বেডমিণ্টনত সাত্বিকচাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটী ফাইনেলত প্ৰৱেশ
■ ভাৰতৰ সাত্বিকচাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে হংকং অ'পেন বেডমিণ্টন প্রতিযোগিতাত পুৰুষৰ ডাবল্ছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সাত্বিক আৰু চিৰাগৰ যুটীটোৱে আজি প্রি কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ পিৰাছাই চুকফোন আৰু পক্কাপন টিৰাটচাকুলৰ যুটিটোক ১৮-২১, ২১-১৫, ২১-১১ গেমত পৰাস্ত কৰে। ভাৰতীয় যুটিটো কাইলৈ কোৱাৰ্টাৰ ফাইনেলত মালয়েছিয়াৰ জুনেইদি আৰিফ আৰু ৰয় কিং য়াপৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব