November 8, 2024 8:55 PM

views 19

জনজাতি সম্প্ৰদায়ৰ দ্রুত উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কাম কৰি আহিছেঃ কেন্দ্ৰীয় মন্ত্ৰী জুৱেল অ’ৰাম

জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ দ্রুত উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে কাম কৰি আহিছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল অ’ৰামে আজি গুৱাহাটীত মন্তব্য কৰে। জনজাতি বসতি প্রধান অঞ্চলত ২৫ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ'ব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত পূৰ্বোত্তৰ আদি মহোৎসৱত প্ৰকাশ কৰে। পূৰ্বোত্তৰ আদি মহোৎসৱ উদ্বোধন কৰি তেওঁ লগতে কয় যে, উত্তৰ-পূবৰ ৰাজ্যসমূহে জৈৱিক কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত৷ আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰ...