February 22, 2025 7:11 PM

views 11

কামৰূপৰ চাংসাৰিত কেম্পা এণ্ড বেভাৰেজেছৰ বটলিং প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ চাংসাৰিত পানীয় উৎপাদনকাৰী প্ৰতিষ্ঠান কেম্পা এণ্ড বেভাৰেজেছৰ সহযোগত বটলিং প্ৰকল্পৰ উদ্বোধন কৰে। প্ৰকল্পটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই নতুন প্ৰকল্পটোৱে ৰাজ্যখনৰ ঔদ্যোগিক বিকাশ আৰু অসমত গঢ় লৈ উঠা উদ্যোগৰ বাবে অনুকূল পৰিৱেশ সন্দৰ্ভত ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছে। ৰিলায়েন্স কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে ২৫০ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা এই প্ৰকল্পৰ জৰিয়তে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনত ঔদ্যোগিক আৰু অৰ্থনৈতি...