December 25, 2025 8:17 PM

views 11

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নতুন দিল্লীত সন্ত্রাসবাদ প্রতিৰোধী সন্মিলন মুকলি কৰিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত সন্ত্রাসবাদ প্রতিৰোধী সন্মিলন মুকলি কৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে এই সন্মিলনত ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰা হ'ব। সন্মিলনত সন্ত্রাসবাদৰ বিভীষিকাৰ বিৰুদ্ধে সমন্বিত ব্যৱস্থা গ্ৰহণৰ বাবে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক মাধ্যম স্থাপন কৰি বিভিন্ন পক্ষৰ মাজত সমন্বয় গঢ়ি তোলাত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব।

December 4, 2025 12:52 PM

views 17

তিনিটা জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা ৰাজ্যৰ গৃহ বিভাগৰ

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ পৰা পোৱা গোপন তথ্য মর্মে ৰাজ্যৰ গৃহ বিভাগে তিনিটা জেহাদী সংগঠনক নিষিদ্ধ ঘোষণা কৰিছে। গৃহ বিভাগে জাৰি কৰা নির্দেশনা অনুসৰি জামাত-উল-মুজাহিদিন বাংলাদেশ, আনছারুল্লাহ বাংলা টীম আৰু অল কায়দাৰ সৈতে জড়িত আনছাৰ-অল-ইছলাম নামৰ সন্ত্রাসবাদী সংগঠনকেইটাক নিষিদ্ধ ঘোষণা কৰা হৈছে। একেদৰে ৰাজ্যৰ ন্যায়িক বিভাগে ২৬ নৱেম্বৰত প্ৰকাশ কৰা অনুসৰি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এই সংগঠনকেইটাৰ গোপন যোগাযোগক লৈ আপত্তিজনক তথ্য আৰু সূত্ৰ লাভ কৰিছে। এই অনুসৰি সংগঠনকেইটাই কোনোধৰণৰ প্ৰচাৰ ম...

October 19, 2025 12:32 PM

views 33

অসম আৰক্ষীৰ ৩৬ গৰাকী উচ্চ পদস্থ বিষয়াক বদলি

ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগে এটা নির্দেশ যোগে অসম আৰক্ষীৰ ৩৬ গৰাকী উচ্চ পদস্থ বিষয়া বদলি কৰিছে। এই অনুসৰি শ্ৰীভূমিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পার্থপ্রতীম দাসক কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অর্থাৎ এছ এছ পি হিচাপে বদলি কৰা হৈছে। ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক অনুৰূপ পদত শ্ৰীভূমি জিলালৈ বদলি কৰা হৈছে। কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বেটেলিয়নৰ কামাণ্ডেণ্ট দেৱাশীষ বৰাক ধুবুৰীৰ এছ এছ পি হিচাপে আৰু কাছাৰৰ এছ এছ পি নোমল মাহাত্তাক কোকৰাঝাৰৰ এছ এছ পি হিচাপে বদলি কৰা হৈছে। কোকৰাঝাৰৰ অনুৰূপ দায...

August 14, 2025 6:38 PM

views 74

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকসমূহ ঘোষণা

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকসমূহ ঘোষণা কৰা হৈছে। এই বছৰ আৰক্ষী, অগ্নি নির্বাপন, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সেৱাৰ মুঠ এহেজাৰ ৯০ গৰাকী কৰ্মীলৈ এই পদক আগবঢ়োৱা হৈছে। এই পদক লাভ কৰাসকলৰ ভিতৰত অসমৰ ১৭ গৰাকী আৰক্ষী কৰ্মী আছে। আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তলৈ উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আগবঢ়োৱা হৈছে। আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ, মহকুমা আৰক্ষী বিষয়া হেমন্ত কুমাৰ বড়ো আৰু কনিষ্টবল অখিলৰঞ্জন দাসে সাহসিকতাৰ আৰক্ষী পদক লাভ কৰিছে। একেদৰে আৰক্ষী মহাপৰিদৰ্শক...

July 26, 2025 10:13 AM

views 29

সন্ত্ৰাসবাদী আৰু চোৰাং কাৰবাৰীসকলক ঘূৰাই আনিবৰ বাবে দেশৰ বিধি বলৱৎকাৰী সংস্থাসমূহক ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশ

সন্ত্ৰাসবাদী আৰু চোৰাং কাৰবাৰীসকলক ঘূৰাই আনিবৰ বাবে দেশৰ বিধি বলৱৎকাৰী সংস্থাসমূহক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কালি নতুন দিল্লীত অনুষ্ঠিত দুদিনীয়া ৰাষ্ট্ৰীয় নিৰাপত্তা কৌশল সন্মিলন-২০২৫ উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এই সদৰি কৰে। গৃহমন্ত্রী অমিত শ্বাহে কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহৰ বিধি বলৱৎকাৰী সংস্থাসমূহৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়াত গুৰুত্ব আৰোপ কৰি সন্ত্ৰাসবাদ আৰু অপৰাধীৰ মাজৰ সম্পৰ্ক ভাঙি দিয়াৰো পোষকতা কৰে। সন্ত্ৰাসবাদৰ বিত্তীয় ব্যৱস্থাৰ পৰ্যালোচনা কৰি শ্ৰীশ্বা...

May 20, 2025 9:04 PM

views 27

২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন গৃহ মন্ত্ৰালয়ৰ আহ্বান

গৃহ মন্ত্ৰালয়ে ২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান কৰিছে। এই সন্মানসমূহৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলৰ জৰিয়তে ৩১ জুলাই পৰ্য্যন্ত মনোনয়ন দাখিল কৰিব পৰা যাব। মন্ত্ৰ্যালয়ে এটা বিবৃতিযোগে ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলত উপলব্ধ আৰ্হিত ভিন ভিন ক্ষেত্ৰৰ মনোনীত ব্যক্তিৰ অভূতপূর্ব সাফল্যৰ স্পষ্ট বর্ণনাত্মক প্রশংসা সহ নির্দিষ্ট যাৱতীয় সবিশেষ বিৱৰণ সন্নিৱিষ্ট কৰা উচিত বুলি প্ৰকাশ কৰিছে। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ অন্যতম। ১৯৫৪ চনত প্ৰৱৰ্তন কৰা এই ...

May 6, 2025 7:54 AM

views 63

অসামৰিক প্ৰতিৰক্ষা প্ৰস্তুতিৰ মূল্যায়নৰ বাবে বিশেষ অনুশীলনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক গৃহ মন্ত্ৰ্যালয়ৰ নিৰ্দেশ

■ গৃহ মন্ত্ৰ্যালয়ে অসামৰিক প্ৰতিৰক্ষা প্ৰস্তুতিৰ মূল্যায়নৰ বাবে কাইলৈ মকড্ৰিল অথবা বিশেষ অনুশীলন কৰাবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক নিৰ্দেশ দিছে। সেই অনুসৰি মন্ত্ৰ্যালয়ে দেশৰ ২৪৪ খন অসামৰিক প্ৰতিৰক্ষা জিলাত অসামৰিক প্ৰতিৰক্ষা অনুশীলন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুশীলন গাঁও পৰ্যায়লৈ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে। কেন্দ্ৰীয় গৃহসচিব গোবিন্দ মোহনে অসামৰিক প্ৰতিৰক্ষা মকড্রিল সন্দৰ্ভত আজি ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছে। বিমানৰ সতৰ্কতা ব্যৱস্থাৰ লগত...

January 15, 2025 8:26 PM

views 42

অপৰাধী গোট আৰু সন্ত্ৰাসবাদী সংগঠনৰ কাৰ্য্যকলাপ সন্দৰ্ভত মার্কিন কৰ্তৃপক্ষৰ তথ্যৰ ভিত্তিত ভাৰত চৰকাৰে গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ প্ৰতিবেদন দাখিল

কেতবোৰ সংগঠিত অপৰাধী গোট আৰু সন্ত্ৰাসবাদী সংগঠনৰ অপৰাধমূলক কাৰ্য্যকলাপ সন্দৰ্ভত মার্কিন কৰ্তৃপক্ষৰ পৰা পোৱা তথ্যৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে কেন্দ্ৰীয় চৰকাৰক ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে। এই প্ৰতিবেদনত পূর্বে অপৰাধমূলক কাৰ্য্য-কলাপত জড়িত ব্যক্তিকো তদন্তৰ আওঁতালৈ আনিবলৈ পৰামৰ্শ দিছে। চৰকাৰী সূত্ৰৰ বাতৰি অনুসৰি, এনে ঘটনাৰ অনুসন্ধানৰ পাছত অপৰাধী গোট আৰু সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে আইনী ব্যৱস্থা শীঘ্ৰে সম্পন্ন কৰিবলৈও পৰামৰ্শ আগবঢ়োৱা হৈছে। প্ৰতিবেদনত এনে গুৰুতৰ ...

October 13, 2024 8:53 PM

views 27

২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস উপলক্ষে গুৰুত্বপূৰ্ণ ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ৰাষ্ট্ৰসংঘৰ পতাকা উৰুৱাবলৈ গৃহ মন্ত্ৰ্যালয়ৰ অনুৰোধ

গৃহ মন্ত্ৰ্যালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ কেন্দ্ৰীয় বিভাগ আৰু প্ৰশাসনসমূহক অহা ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ দিৱস উপলক্ষে গুৰুত্বপূৰ্ণ ভৱনসমূহত ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ৰাষ্ট্ৰসংঘৰ পতাকা উৰুৱাবলৈ অনুৰোধ কৰিছে। অৱশ্যে ৰাষ্ট্ৰপতি ভৱন, উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহ, সংসদ ভৱন, উচ্চতম ন্যায়ালয় ভৱন, ৰাজভৱন, ৰাজনিৱাস অথবা বিধান পৰিষদৰ ভৱন, বিধানসভা আৰু উচ্চ ন্যায়ালয়সমূহত ৰাষ্ট্ৰসংঘৰ পতাকা উৰুৱাব নালাগে বুলি মন্ত্ৰালয়ে জাৰি কৰা এখন বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে।

September 1, 2024 8:38 PM

views 29

গুজৰাটত বৰষুণ আৰু বানপানীয়ে কৰা ক্ষতি মূল্যায়ণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ আই এম চি টি গঠন

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে গুজৰাটত বৰষুণ আৰু বানপানীয়ে কৰা ক্ষতি মূল্যায়ণ কৰাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ কাৰ্যবাহী সঞ্চালকৰ নেতৃত্বত এটা আন্তঃমন্ত্ৰী পৰ্যায়ৰ কেন্দ্ৰীয় গোট— আই এম চি টি গঠন কৰিছে। গোটটোৱে শীঘ্ৰে ৰাজ্যখনৰ বান প্রভাবিত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা ২৫ৰ পৰা ৩০ আগষ্টলৈ ৰাজস্থান আৰু গুজৰাটত হোৱা গভীৰ চাপৰ ফলত ধাৰাষাৰ বৰষুণে ৰাজ্যখনৰ কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতি কৰে। মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰো বিভিন্ন অঞ্চলত হোৱা মজলীয়া তথা ধাৰাষাৰ বৰষুণে ব্যা...