January 27, 2025 1:38 PM

views 36

মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰয়াগৰাজত উপস্থিত হ’ব গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত উপস্থিত হ'ব। মন্ত্ৰী শ্ৰীশ্বাহে তাত গংগা, যমুনা আৰু সৰস্বতী নদীৰ ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰিব। তেওঁ তাত পুৰী আৰু দ্বাৰকাৰ শংকৰাচাৰ্য দুগৰাকীৰ লগতে বহু সাধু সন্তক লগ পোৱাৰ আশা কৰিছে।

December 19, 2024 5:17 PM

views 38

গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত আজি উচ্চ পৰ্যায়ৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হ’ব

নতুন দিল্লীত আজি কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হ'ব। উক্ত বৈঠকত মূলতঃ জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ লগতে জটিল নিৰাপত্তাজনিত বিষয়সমূহক লৈ আলোচনা কৰা হ'ব। জম্মু-কাশ্মীৰৰ শান্তি শৃংখলা উন্নত কৰিবৰ বাবে পৰ্যালোচনা কৰাৰ লক্ষ্যৰে জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাও বৈঠকখনত অংশ ল'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, কেন্দ্রীয় গৃহ সচিব গোৱিন্দ মোহন, চোৰাংচোৱা ব্যুৰৰ সঞ্চালক তপন ডেকা, সেনা প্রধান উপেন্দ্র দ্বিবেদীকে ধৰি জেষ্ঠ সেন...

October 7, 2024 10:54 AM

views 33

বাওপন্থী সন্ত্রাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে গৃহমন্ত্ৰীৰ পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত বাওপন্থী সন্ত্রাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। অন্ধ্ৰপ্ৰদেশ, বিহাৰ, ছত্তিশগড়, ঝাৰখণ্ড, তেলেংগানা, ওড়িশা, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বাওপন্থী সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ বিকাশত সমৰ্থন আগবঢ়োৱা কাৰ্যৰ সৈতে বিশেষভাৱে জড়িত ৫ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী বৈঠকত উপস্থিত থাকিব। তদুপৰি বৈঠকত ৰাষ্ট্ৰীয় সুৰক্ষা উপ পৰামৰ্শদাতাৰ লগতে কেন্দ্ৰ, ৰাজ...

September 16, 2024 6:11 PM

views 33

জম্মু আৰু কাশ্মীৰৰ ড’ডা জিলাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত গৃহমন্ত্রী অমিত শ্বাহৰ অংশগ্রহণ

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি জম্মু আৰু কাশ্মীৰৰ ড'ডা জিলাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰে। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে – দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰামবান, কিণ্টৱাৰ আৰু পাড্ডাৰত হ'বলগীয়া নির্বাচনী প্ৰচাৰ সভাত তেওঁ অংশগ্ৰহণ কৰে। জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিমদিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ প্ৰচাৰ অভিযান তীব্ৰগতিত চলা পৰিলক্ষিত হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অহা ২০ ছেপ্তেম্বৰত জম্মু ভ্ৰমণ কৰা...

July 6, 2024 7:53 PM

views 32

চৰকাৰে অহা ৫ বছৰত দেশত প্ৰায় ২ লাখ গাঁও পঞ্চায়তত বহুমুখী প্রাথমিক কৃষি ঋণ ছ’চাইটি স্থাপন কৰিব

চৰকাৰে অনাগত পাঁচ বছৰৰ ভিতৰত দেশত প্ৰায় ২ লাখ গাঁও পঞ্চায়তত বহুমুখী প্রাথমিক কৃষি ঋণ ছ’চাইটি স্থাপন কৰিব। দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হৈ কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধী নগৰত ১০২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসত ভাষণ প্ৰদান কৰি এই কথা প্ৰকাশ কৰে। সমবায়বোৰৰ মাজত আর্থিক সহযোগিতাৰ পোষকতা কৰি শ্ৰীশ্বাহে কয় যে কেৱল সমবায় বেংকসমূহৰ জৰিয়তে বিত্তীয় লেনদেন সূচল কৰি সমবায় বেংকসমূহৰ নেটৱৰ্ক সুদৃঢ় কৰাৰ বাবে দেশৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ সমবায়সমূহৰ মাজত অর্...

May 31, 2024 6:41 PM

views 38

পৰিয়ালৰ সদস্যসকলৰ সৈতে তিৰুমালা মন্দিৰ দৰ্শন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে তিৰুমালা মন্দিৰ দৰ্শন কৰে। তিৰুমালা তিৰুপতি দেৱস্থানমৰ কাৰ্যবাহী বিষয়া ধৰ্ম ৰেড্ডী, মুখ্য পুৰোহিত তথা আন বিষয়াসকলে তেওঁলোকক আদৰণি জনায়। শ্রী শ্বাহে মন্দিৰ দৰ্শন কৰি ভগৱান শ্ৰী ৱেংকটেশ্বৰৰ আশীৰ্বাদ লয়।

April 23, 2024 8:15 PM

views 41

কংগ্ৰেছে নিৰ্বাচনত জয়লাভ কৰাৰ বাবে তোষামোদৰ ৰাজনীতি কৰিছে : অমিত শ্বাহ

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আই এন ডি আই মিত্রজোট ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিব বুলি মন্তব্য কৰাৰ বাবে কংগ্ৰেছ নেতা পি চিদাম্বক সমালোচনা কৰিছে। দিল্লীত সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে, কংগ্ৰেছে নিৰ্বাচনত জয়লাভ কৰাৰ বাবে তোষামোদৰ ৰাজনীতি কৰিছে। তেওঁ কয় যে এন ডি এ চৰকাৰে সকলোকে ন্যায় প্ৰদান কৰাৰ বাবে দায়বদ্ধ আৰু কেতিয়াও নাগৰিকত্ব সংশোধিত আই বাতিল কৰা নহয়। শ্ৰীশ্বাহে কয় যে, সময়মতে ন্যায় প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধা...

April 2, 2024 12:28 PM

views 41

ৰাজ্যত প্রাকৃতিক দুৰ্যোগ আৰু ধ্বংসলীলাক লৈ গৃহমন্ত্রী অমিত শ্বাহৰ গভীৰ উদ্বেগ প্রকাশ

♦ ৰাজ্যত প্ৰচণ্ড ধুমুহা, শিল বৰষুণে সংহাৰী ৰূপ লোৱাৰ পাছত এই প্রাকৃতিক দুৰ্যোগ আৰু ধ্বংসলীলাক লৈ কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে গভীৰ উদ্বেগ প্রকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে পৰিস্থিতিৰ বুজ লৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। শ্ৰীশ্বাহে মোদী কা পৰিবাৰ নামৰ এক্স হেণ্ডেলযোগে অসম, পশ্চিমবংগ আৰু মণিপুৰত হোৱা ভয়ংকৰ ক্ষয়-ক্ষতিত উদ্বিগ্নতা প্ৰকাশ কৰি নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। Read More News : ৰঙাল...