October 3, 2024 12:26 PM
18
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাট ভ্ৰমণ কৰিব
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুজৰাট ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সংসদীয় সমষ্টি গান্ধী নগৰত তেওঁ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব। আহমেদাবাদ পৌৰ নিগমৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৪৪৬ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহমেদাবাদৰ সানন্দত কার্যকর্তা সন্মিলনত বিজেপি কর্মীসকলক সম্বোধন কৰিব। শ্বাহীবাগত আহমেদাবাদ আৰক্ষী আয়ুক্তৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনো তেওঁ উদ্বোধন কৰিব। কেন্...