September 20, 2024 1:10 PM

views 16

চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ পূৰ্বে দেশৰ পৰা নক্সালবাদ নিঃশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে, চৰকাৰে ২০২৬ চনৰ মাৰ্চ মাহৰ পূৰ্বে দেশৰ পৰা নক্সালবাদ আৰু নক্সালবাদৰ ধাৰণা নিশেষ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত থকা নিজা বাসভৱনত আজি ছত্তিশগড়ৰ নক্সালবাদী হিংসাৰ বলি হোৱা প্ৰায় ৫৫ জন লোকৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে, বাস্তাৰৰ চাৰিখন জিলাৰ বাহিৰে সমগ্ৰ দেশতে নক্সালবাদৰ অন্ত পেলোৱাৰ প্ৰক্ৰিয়াত কেন্দ্ৰীয় চৰকাৰ সফল হৈছে। তেওঁ লগতে নক্সালসকলক হিংসা ত্যাগ কৰি আত্মসমৰ্পণ কৰিবলৈও আহ্বান জনায়। উল্লেখযো...