March 14, 2025 11:18 AM March 14, 2025 11:18 AM

views 10

ৰাজ্যত পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে দৌল উৎসৱ উদযাপন

■ ৰাজ্যৰ প্ৰান্তে প্রান্তে কালিৰে পৰা পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। পৰস্পৰক আবিৰৰ ৰং সানি ফাকুৱা উদযাপন কৰিবলৈ সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। বৰপেটা সত্ৰত কালি সন্ধিয়া গন্ধযাত্ৰাৰে দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। বৰপেটাৰ পাটবাউসী, গনককুছি, সুন্দৰীদিয়া আৰু বাৰাদি সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ-বতাহ মুখৰ হৈ ...