August 20, 2025 12:14 PM

views 12

হোজাইৰ খাৰিখানা বিলগাঁৱত খাদ্যত বিষক্রিয়া হৈ শিশু-মহিলাসহ ২০গৰাকী অসুস্থ

হোজাই জিলাৰ খাৰিখানা বিলগাঁৱত কালি খাদ্যত বিষক্রিয়া হৈ শিশু-মহিলাসহ ২০ গৰাকী লোক অসুস্থ হয়। বিলপাৰ গাঁৱত পূজাৰ প্ৰসাদ খোৱাৰ পাছতে শিশু-মহিলাকে ধৰি লোকসকল অসুস্থ হয়। পূজাৰ প্ৰসাদ খোৱাৰ পাছতে গাঁওবাসীৰ মাজত পেটৰ বিষ, বমি, শৌচ আদি লক্ষণ দেখা গৈছে। লগে লগে অসুস্থ লোকসকলক লংকাৰ জোৰাপুখুৰী জিলা অসামৰিক চিকিৎ‍সালয়ত ভৰ্তি কৰোৱা হয়। বর্তমানে চিকিৎসালয়খনত শিশু-মহিলাসহ কেইবাজনো লোক চিকিৎসাধীন হৈ আছে।