April 28, 2025 8:28 PM

views 25

হোজাইৰ লামডিং ৰে’লৱে জংচনত দুগৰাকী বাংলাদেশৰ নাগৰিকক আটক

হোজাই জিলাৰ লামডিং ৰে'লৱে জংচনত আজি ৰে'ল সুৰক্ষা বাহিনীয়ে দুগৰাকী বাংলাদেশৰ নাগৰিকক আটক কৰে। বাহিনীটোৱে উজনিমুৱা ১৩১৭৩ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে'লগাড়ীখনৰ পৰা লোক দুজনক আটক কৰে। ফিৰোজ শ্বাহ আৰু ম‍ইনা খান নামৰ এই বাংলাদেশী লোক দুজনে দালালক দিয়া ধনৰ বিনিময়ত সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল বুলি ৰে'ল আৰক্ষীক স্বীকাৰোক্তি দিয়ে। লোক দুজন দিল্লী আৰু বেংগালুৰুত কৰ্মৰত আছিল। ৰে'ল আৰক্ষীয়ে দুয়োজন লোকক সোধা-পোছা কৰি থকাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।