December 5, 2025 7:16 PM December 5, 2025 7:16 PM
4
ঘন কুঁৱলীৰ বাবে যান-বাহন চলাচলৰ ক্ষেত্ৰত হোজাই জিলা প্রশাসনৰ নীতি-নির্দেশনা জাৰি
শীতকালত ঘন কুঁৱলীৰ বাবে হ'ব পৰা পথ দুর্ঘটনা হ্রাস কৰাৰ বাবে হোজাই জিলা প্রশাসনে যান-বাহন চলাচলৰ ক্ষেত্ৰত নীতি-নির্দেশনা জাৰি কৰিছে। জিলা আযুক্ত বিদ্যুৎ বিকাশ ভাগবতীয়ে আজি সাংবাদিকৰ আগত এই বিষয়ে প্রকাশ কৰি কয়, যে এই নির্দেশনা অনুসৰি জিলাখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত বিয়লি ৫ বজাৰ পৰা পুৱা ৮ বজালৈ ডাম্পাৰ চলাচল বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সময়ছোৱাত এই পথসমূহত ই-ৰিক্সাৰ চলাচলো বন্ধ কৰা হৈছে। তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথত সকলো গধুৰ যান-বাহনৰ বেগ প্রতি ঘণ্টাত ৪০ কিলোমিটাৰ আৰু লঘু বাহনৰ বেগ প্রতি ঘণ্...