May 14, 2024 6:17 PM

views 22

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হজ যাত্ৰাৰ বাবে ৩,৭০৮গৰাকী হজযাত্রীৰ প্ৰথমটো দল সাজু

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এইবাৰ ৩ হাজাৰ ৭০৮গৰাকী হজযাত্রী হজ যাত্ৰাৰ বাবে ৰাওনা হ'ব। পৰহিলৈ গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা হজযাত্রীৰ প্রথমটো দল মক্কা অভিমুখে যাত্রা কৰিব। আজি গুৱাহাটীৰ হাজি মুছাফিৰখানাত আয়োজিত এখন সংবাদমেলত যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে, হজ যাত্ৰা কৰিবলগীয়া যাত্ৰীসকলৰ ভিতৰত ৩ হাজাৰ ৬৫৮গৰাকী অসমৰ হোৱাৰ বিপৰীতে ৩৬গৰাকী মেঘালয়ৰ আৰু ৭গৰাকীকৈ নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লোক। অহা ২৫ মে’পর্য...