July 29, 2024 8:30 PM

views 28

পেৰিছ অলিম্পিকত ভাৰতৰ পুৰুষৰ হকী দল আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলত ১-১ গলত ড্ৰ’

পেৰিছ অলিম্পিকত আজি ভাৰতৰ পুৰুষৰ হকী দল আৰ্জেণ্টিনাৰ সৈতে হোৱা খেলখন ১-১ গলত ড্ৰ’ হয়। আৰ্জেণ্টিনাৰ লুকাচ মার্টিনেজে খেলৰ প্ৰথম হাফত ১ গলত আগুৱাই থকাৰ পাছত ভাৰতৰ অধিনায়ক হৰমন প্রীত সিঙে শেষৰটো মিনিটত দলৰ হৈ দিয়া গলটোৰ ফলত খেলখন ড্ৰ’ হয়। ভাৰতৰ পুৰুষ হকী দলটোৱে নিজৰ পৰৱৰ্তী খেলখনত আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হব। আয়াৰলেণ্ড ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ সৈতে হোৱা খেলখনত ১-২ গলৰ ব্যৱধানত পৰাস্ত হৈছিল।

May 27, 2024 6:59 PM

views 21

এফ আই এইচ হকী প্ৰ’ লীগত ইউৰোপীয়ান লীগৰ এখন খেলত ভাৰতৰ হাতত আৰ্জেণ্টিনা পৰাস্ত

বেলজিয়ামৰ এণ্টৱাৰ্পত চলি থকা এফ আই এইচ হকী প্ৰ লীগত ইউৰোপীয়ান লীগৰ চতুৰ্থখন খেলত হৰমনপ্রীত সিঙৰ হেট্ৰিক গ'লৰ সহায়ত ভাৰতে আৰ্জেণ্টিনাক ৫-৪ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ হৈ খেলৰ ৭ মিনিটত অৰিজিত সিং হুণ্ডালে প্ৰথমটো গ'ল দিয়াৰ বিপৰীতে ১৮ মিনিটত গুৰবাণ্ট সিঙে দ্বিতীয়টো গ'ল দিয়ে। আনহাতে, হৰমনপ্রীত সিঙে খেলৰ ২৯, ৫০ আৰু ৫২ মিনিটত তিনিটা গ'ল দিয়াত ভাৰতীয় দলটোৱে বিজয় সাব্যস্ত কৰে। ভাৰতে অহা ১ জুনত অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্ত্তী খেলখনত জাৰ্মানীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

April 7, 2024 9:09 PM

views 33

পাঁচখনীয়া হকী শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত অষ্ট্ৰেলিয়াৰ হাতত ৪-২ গ’লত পৰাস্ত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ  পাঁচখনীয়া হকী শৃংখলাৰ অষ্ট্ৰেলিয়াৰ পাৰ্থত আজি অনুষ্ঠিত দ্বিতীয়খন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৪-২ গ'লত পৰাস্ত কৰে। খেলখনত ভাৰতৰ হৈ যোগৰাজ সিং আৰু হৰমণপ্ৰীত সিঙে পেনাল্টিৰ জৰিয়তে দুটা গ'ল দিয়ে। অষ্ট্ৰেলিয়াৰ হৈ জেৰিমি হেৱাৰ্ড, এণ্ডাৰচন জেক'ব আৰু নাথান এফ্ৰমছে গ'ল দিয়ে । উল্লেখ্য যে শৃংখলাৰ তৃতীয়খন খেল বুধবাৰে পাৰ্থত অনুষ্ঠিত হ'ব।