June 23, 2025 7:54 PM June 23, 2025 7:54 PM
12
গোৱালপাৰা সৈনিক স্কুলত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে পূব ভাৰতৰ আন্তঃ সৈনিক স্কুল হকী প্রতিযোগিতা অনুষ্ঠিত
গোৱালপাৰা সৈনিক স্কুলত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পূব ভাৰতৰ আন্তঃ সৈনিক স্কুল হকী প্রতিযোগিতা অনুষ্ঠিত হৈছে। ১৫ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ১৭ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ বাবে এই প্ৰতিযোগিতা জিলা আৰক্ষী অধীক্ষক তথা সৈনিক স্কুলখনৰ প্ৰাক্তন ছাত্ৰ নৱনীত মহন্তই শুভাৰম্ভ কৰে। শ্ৰী মহন্তই উদ্বোধনী ভাষণত সকলো প্রতিযোগী দলকে শুভেচ্ছা জনাই প্রকৃত প্রতিযোগিতামূলক উদ্যমেহে খেলুৱৈসকলৰ সামগ্ৰিক বিকাশত সহায় কৰিব বুলি মন্তব্য কৰে। উদ্বোধনী অনুষ্ঠানত গোৱালপাৰা সৈনিক স্কুলৰ অধ্যক্ষ কর্ণেল ধীৰাজ কুমাৰ বিশ্বকৰ্ম...