June 23, 2025 7:54 PM

views 22

গোৱালপাৰা সৈনিক স্কুলত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে পূব ভাৰতৰ আন্তঃ সৈনিক স্কুল হকী প্রতিযোগিতা অনুষ্ঠিত

গোৱালপাৰা সৈনিক স্কুলত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পূব ভাৰতৰ আন্তঃ সৈনিক স্কুল হকী প্রতিযোগিতা অনুষ্ঠিত হৈছে। ১৫ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ১৭ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ বাবে এই প্ৰতিযোগিতা জিলা আৰক্ষী অধীক্ষক তথা সৈনিক স্কুলখনৰ প্ৰাক্তন ছাত্ৰ নৱনীত মহন্তই শুভাৰম্ভ কৰে। শ্ৰী মহন্তই উদ্বোধনী ভাষণত সকলো প্রতিযোগী দলকে শুভেচ্ছা জনাই প্রকৃত প্রতিযোগিতামূলক উদ্যমেহে খেলুৱৈসকলৰ সামগ্ৰিক বিকাশত সহায় কৰিব বুলি মন্তব্য কৰে। উদ্বোধনী অনুষ্ঠানত গোৱালপাৰা সৈনিক স্কুলৰ অধ্যক্ষ কর্ণেল ধীৰাজ কুমাৰ বিশ্বকৰ্ম...

June 12, 2025 10:50 AM

views 23

এফ আই এইচ হকী প্ৰ’ লীগত ভাৰতীয় পুৰুষ দল আর্জেণ্টিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

■ এফ আই এইচ হকী প্ৰ' লীগ প্ৰতিযোগিতাত আজি সন্ধিয়া নেডাৰলেণ্ডছৰ আমষ্টেলভিনৰ ৱাগেনাৰ হকী ষ্টেডিয়ামত ভাৰতীয় পুৰুষ দলটো আর্জেণ্টিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৬.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ পইণ্ট তালিকাত ১১ খন খেলৰ পৰা ১৫ পইণ্ট লাভ কৰি ভাৰত বৰ্তমান চতুর্থ স্থানত আছে। ইয়াৰ পূৰ্বে কালি দুয়োটা দলৰ মাজত অনুষ্ঠিত এখন খেলত ভাৰত আৰ্জেণ্টিনাৰ হাতত ৩-৪ ফলাফলত পৰাজিত হয়। ভাৰতৰ হৈ হৰমন প্রীত সিঙে তিনিটা আৰু অভিষেকে এটা গল দিয়ে। আৰ্জেণ্টিনাৰ হৈ মেটিয়াচ ৰে, লুকাচ মার্টিন...

April 10, 2025 8:20 PM

views 29

৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ ভাৰতীয় মহিলা হকী দল

ভাৰতীয় মহিলা হকী দলটো অহা ২৬ এপ্ৰিলৰ পৰা ৪ মে'লৈ হবলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব। ২৬ আৰু ২৭ এপ্ৰিলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে খেল আৰম্ভ কৰিব। মে' মাহৰ ১, ৩ আৰু ৪ তাৰিখত দলটোৱে জ্যেষ্ঠ অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল পার্থ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। এফ আই এইচ বিশ্ব ৰেংকিঙত ভাৰত নৱম স্থানত থকাৰ বিপৰীতে অষ্ট্ৰেলিয়া দলটো তালিকাৰ পঞ্চম স্থানত আছে।

January 8, 2025 1:51 PM

views 24

হকী ইণ্ডিয়া লীগ এইচ আই এলত আজি ইউ পি ৰুদ্ৰাছ হায়দৰাবাদ টুফানছৰ বিৰুদ্ধে অৱতীৰ্ণ

হকী ইণ্ডিয়া লীগ এইচ আই এলত যোৱা নিশা ৰৌৰকেলাৰ বীৰছা মুণ্ডা হকী ষ্টেডিয়ামত বেদান্ত কলিংগা লেন্সাৰচে শাচি ৰাৰহ বেংগল টাইগাছক ৬-০ গ'লত পৰাস্ত কৰে। লেন্সাৰ্ছৰ হৈ থিয়ৰী ব্ৰিংকমেনে প্রথম তিনি মিনিটত এটা আৰু ৪৭ মিনিটত আন এটা গ'ল দিয়ে। টেবুল টপাৰ দল হোৱাৰ পিছতো বেংগল টাইগাৰছে লেন্সাৰৰ সৈতে মোকাবিলা কৰিবলৈ অসমৰ্থ হয়। লেন্সাৰ্ছৰ কৃষণ বাহাদুৰ পাঠকে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে। আজি সন্ধিয়া ৬ বজাত হ’বলগীয়া আন এখন খেলত তামিলনাডু ড্রেগনছ, গোনাচিকা দলৰ মুখামুখি হ’ব। নিশা ৮বাজি১৫ মিনিটত ৰৌৰকেলাত ...

December 7, 2024 8:20 PM

views 31

আজিৰে পৰা ১৫ ডিচেম্বৰলৈ হ’বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত কাইলৈ ভাৰত-বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ওমানৰ মাস্কটত আজিৰে পৰা ১৫ ডিচেম্বৰলৈ হ'বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত কাইলৈ ভাৰত-বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অধিনায়ক জ্যোতি সিঙৰ নেতৃত্বত ভাৰতীয় দলটোত উপ অধিনায়ক সাক্ষী ৰাণা আৰু চিনিয়ৰ দলৰ হৈ খেলি অহা দিপিকা, বৈষ্ণৱীকে ধৰি খেলুৱৈসকল আছে। যোৱা বছৰ ফাইনেলত দক্ষিণ কোৰিয়াক ২-১ গলত পৰাজিত কৰি ভাৰতে প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰিছিল ৷ প্রতিযোগিতাৰ পুল-এত স্থান লাভ কৰা ভাৰতীয় দলটোৱে চীন, থাইলেণ্ড আৰু মালয়েছিয়াৰ বিৰুদ্ধে খেলিব। প্ৰতিটো পুলৰ পৰা শীৰ্ষ দুটা দলে ছেমি ফাইনেলত ...

December 1, 2024 12:41 PM

views 24

জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰতৰ হাতত চীনা টাইপে ১৬-০ ফলাফলত পৰাস্ত

ভাৰতৰ পুৰুষৰ জুনিয়ৰ হকী দলটোৱে কালি ওমানৰ মাছকতত অনুষ্ঠিত জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ পুল এৰ এখন খেলত চীনা টাইপেক ১৬-০ ফলাফলত পৰাস্ত কৰে। খেলখনত দিলৰাজ সিঙে ৪টা গল দিয়াৰ বিপৰীতে ৰৌচন কুজুৰে তিনিটা গল দিয়ে। খেলখনৰ মধ্যান্তৰলৈ ১৭ মিনিটত দিলৰাজ সিঙে, ২০ আৰু ২৮ মিনিটত সৌৰভ আনন্দ কুছৱা আৰু ২৩ মিনিটত ৰৌচন কুজুৰে এটাকৈ গল দিয়ে। এই জয়ৰ সুবাদত ভাৰতে ৯ পইণ্টসহ পুল এত শীর্ষ স্থান দখল কৰিছে। ভাৰতে আজি কোৰিয়াৰ বিৰুদ্ধে পৰৱৰ্তী খেলখনত অৱতীৰ্ণ হ'ব।

November 20, 2024 8:54 PM

views 33

মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনক ১-০ গ’লত পৰাস্ত ভাৰতৰ

ভাৰতে আজি বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনক ১-০ গ'লত পৰাস্ত কৰি খিতাপ দখল কৰে। খেলখনত দীপিকাই ভাৰতৰ হৈ একমাত্র গলটো দিয়ে। ইয়াকে লৈ খেলুৱৈগৰাকীয়ে এই প্ৰতিযোগিতাত মুঠ ১১ টা গ'ল দিয়ে।

November 19, 2024 8:18 PM

views 24

ভাৰত মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতে মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে আজি বিহাৰৰ ৰাজগিৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত জাপানক ২-০ গলত পৰাস্ত কৰে । ইয়াৰ পূৰ্বে চীনে মালয়েছিয়াক ৩-১ গলত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। মালয়েছিয়া কাইলৈ দিনৰ দুই বাজি ১৫ মিনিটত ব্ৰঞ্জৰ পদকৰ খেলত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

November 17, 2024 11:38 AM

views 22

মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত জাপানৰ বিৰুদ্ধে ভাৰত

ভাৰত আজি বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৪ বাজি ৪৫ মিনিটত আৰম্ভ হ'ব। ভাৰতে প্ৰতিযোগিতাত জয়ৰ ধাৰা অব্যাহত ৰাখি কালি চীনক ৩-০ গলত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে চাৰিখন খেলৰ পৰা ১২ পইণ্ট লাভ কৰি সম্প্ৰতি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে।

November 12, 2024 2:38 PM

views 24

মহিলাৰ এছিয় ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত আজি বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত হ’বলগীয়া মহিলাৰ এছিয় ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ এখন খেলত তিনিবাৰৰ চেম্পিয়ন দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ এখন খেলত চীনে থাইলেণ্ডক ১৫-০ গলত পৰাস্ত কৰে। ভাৰতে কালি নিজৰ প্ৰথমখন খেলত মালয়েছিয়াক ৪-০ গলত পৰাস্ত কৰে। জাপান আৰু দক্ষিণ কোৰিয়াৰ মাজৰ প্ৰথমখন খেল ২-২ গলত ড্র’ হয়।