December 3, 2025 12:42 PM

views 36

এফ আই এইচ জুনিয়ৰ হকী বিশ্বকাপত ভাৰত ফাইনেলত প্ৰৱেশ

তামিলনাডুৰ মাদুৰাই আন্তঃৰাষ্ট্ৰীয় হকী ষ্টেডিয়ামত অনুষ্ঠিত এফ আই এইচ জুনিয়ৰ হকী বিশ্বকাপত পুৰুষৰ এখন খেলত ভাৰতে ছুইজাৰলেণ্ডক ৫-০ গ'লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আয়োজক দল ভাৰতে এই পর্যন্ত তিনিখন খেলৰ পৰা ৯ পইণ্ট লাভ কৰি পুল বিৰ শীৰ্ষত থাকে। ৰোহিত নেতৃত্বাধীন ভাৰতে শুকুৰবাৰে চেন্নাইত বেলজিয়ামৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হব। ভাৰতে জুনিয়ৰ হকী বিশ্বকাপত দুবাৰকৈ জয়লাভ কৰিছে। ইফালে, প্রতিযোগীতাত মহিলাৰ শাখাত আজি চিলিৰ ছান্টিয়াগোত হ'বলগীয়া দ্বিতীয়খন নক আউট খেলত ভাৰতে জাৰ...

September 5, 2025 8:27 PM

views 30

পুৰুষৰ এছিয়া কাপ হকীৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ এখন খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে খেলিব

বিহাৰৰ ৰাজগীড়ত চলি থকা পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে খেলিব। খেলখন ৰাজগীড় আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ'ব। ভাৰতে এতিয়ালৈকে এখন খেলত জয়লাভ কৰাৰ লগতে আন এখন খেলত সমতা স্থাপন কৰি ছুপাৰ ফ'ৰ পৰ্যায়ৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে। কালি সন্ধিয়া অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত ভাৰতে মালয়েছিয়াক ৪-১ গ'লত পৰাস্ত কৰিছিল। অধিনায়ক হৰমনপ্রীত সিঙৰ নেতৃত্বত ভাৰতীয় দলটোৱে আক্রমণাত্মকভাৱে খেলি প্ৰতিযোগিতাৰ শক্তিশাল...

August 26, 2025 1:05 PM

views 20

চলিত বৰ্ষৰ পুৰুষৰ এছিয়া কাপ হকী প্রতিযোগিতাৰ ট্ৰফী উন্মোচন

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই কালি নতুন দিল্লীত চলিত বৰ্ষৰ পুৰুষৰ এছিয়া কাপ হকী প্রতিযোগিতাৰ ট্ৰফী উন্মোচন কৰে। অহা ২৯ আগষ্টৰ পৰা এই প্ৰতিযোগিতাৰ খেলসমূহ আৰম্ভ হ'ব আৰু ৭ ছেপ্তেম্বৰত ইয়াৰ সামৰণি পৰিব।

April 15, 2025 12:50 PM

views 22

পঞ্চদশ হকী ইণ্ডিয়া ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ২০২৫ৰ চূড়ান্ত খেলত মধ্যপ্রদেশ পাঞ্জাবৰ বিৰুদ্ধে অৱতীৰ্ণ

পঞ্চদশ হকী ইণ্ডিয়া ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ২০২৫ৰ চূড়ান্ত খেলখনত আজি মধ্যপ্রদেশ পাঞ্জাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন উত্তৰ প্ৰদেশৰ ঝাঁচিত সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইপিনে বিয়লি ৫ বজাত চেম্পিয়নশ্বিপৰ তৃতীয় আৰু চতুর্থ স্থান নিৰ্ধাৰণকাৰী খেলখনত আয়োজক উত্তৰ প্ৰদেশ মণিপুৰৰ সন্মুখীন হ'ব। যোৱা দেওবাৰে অনুষ্ঠিত প্রতিযোগিতাৰ এখন ছেমি ফাইনেলত মধ্যপ্রদেশে মণিপুৰক ৫-৩ গ'লত আৰু দ্বিতীয়খন ছেমি ফাইনেলত পাঞ্জাবে উত্তৰ প্ৰদেশক ৪-৩ গ'লত পৰাস্ত কৰিছিল।

April 11, 2025 6:56 PM

views 38

ভাৰতীয় মহিলা হকী দল ২৬ এপ্ৰিলৰ পৰা ৪ মে’লৈ হ’বলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব

ভাৰতীয় মহিলা হকী দলটো অহা ২৬ এপ্ৰিলৰ পৰা ৪ মে'লৈ হবলগীয়া ৫ খনীয়া শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব। ২৬ আৰু ২৭ এপ্ৰিলত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া-এৰ বিৰুদ্ধে খেল আৰম্ভ কৰিব। মে' মাহৰ ১, ৩ আৰু ৪ তাৰিখত দলটোৱে জ্যেষ্ঠ অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল পার্থ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।

January 27, 2025 3:43 PM

views 29

মহিলা হকী ইণ্ডিয়া লীগৰ ফাইনেলত ওড়িশা ৱাৰিয়ছৰ উদ্বোধনী সংস্কৰণৰ খিতাপ দখল

ৰাঁচীৰ মৰাং গোমকে জয়পাল সিং মুণ্ডা এষ্ট্র’ টার্ফ হকী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মহিলা হকী ইণ্ডিয়া লীগৰ ফাইনেলত কালি ওড়িশা ৱাৰিয়ছে জে এছ ডব্লিউ ছুৰ্মা হকী ক্লাবক ২-১ গ'লত পৰাস্ত কৰি উদ্বোধনী সংস্কৰণৰ খিতাপ দখল কৰে। বঁটা প্ৰদান অনুষ্ঠানত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে ওড়িশা ৱাৰিয়ৰৰ অধিনায়ক নেহা গোৱালক দলৰ হৈ ট্ৰফী প্ৰদান কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা বার্তাত মুখ্যমন্ত্ৰী ছোৰেনে হকী ইণ্ডিয়া লীগত উন্নত খেল প্ৰদৰ্শন কৰা সকলো দল আৰু খেলুৱৈক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।হকী ইণ্ডিয়া...

January 2, 2025 4:49 PM

views 31

হকী ইণ্ডিয়া লীগত নিশা ৮ বাজি ১৫ মিনিটত চুমা হকী ক্লাব উত্তৰ প্ৰদেশ ৰুদ্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ

হকী ইণ্ডিয়া লীগত আজি ৰুৰকেলাৰ বীৰচামুণ্ডা হকী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চুমা হকী ক্লাবে উত্তৰ প্ৰদেশ ৰুদ্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা ৮ বাজি ১৫ মিনিটত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ যোৱানিশা অনুষ্ঠিত এখন খেলত শ্রাচী ৰাৰ বেংগল টাইগাৰে টীম গোনাচিকাক ২-১ ৰ ব্যৱধানত পৰাস্ত কৰে। বেংগল টাইগাৰৰ হৈ ৰুপিন্দৰ পাল সিঙে দুয়োটা গ’ল দিয়ে।

January 2, 2025 10:12 AM

views 31

২০২৪-২৫ বৰ্ষৰ হকী ইণ্ডিয়া লীগত ছাৰাছী ৰাঢ় বেংগল টাইগাৰ্ছৰ গণাশিকা দলক ২-১ৰ ব্যৱধানত পৰাস্ত

ওড়িশাৰ ৰুৰকেলাৰ বীৰছা মুণ্ডা হকী ষ্টেডিয়ামত চলি থকা ২০২৪-২৫ বৰ্ষৰ হকী ইণ্ডিয়া লীগত দ্বিতীয়খন খেলত ছাৰাছী ৰাঢ় বেংগল টাইগাৰ্ছে গণাশিকা দলক ২-১ৰ ব্যৱধানত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰলৈ বিজয় সাব্যস্ত কৰে।

December 7, 2024 8:20 PM

views 31

আজিৰে পৰা ১৫ ডিচেম্বৰলৈ হ’বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত কাইলৈ ভাৰত-বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ওমানৰ মাস্কটত আজিৰে পৰা ১৫ ডিচেম্বৰলৈ হ'বলগীয়া মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত কাইলৈ ভাৰত-বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অধিনায়ক জ্যোতি সিঙৰ নেতৃত্বত ভাৰতীয় দলটোত উপ অধিনায়ক সাক্ষী ৰাণা আৰু চিনিয়ৰ দলৰ হৈ খেলি অহা দিপিকা, বৈষ্ণৱীকে ধৰি খেলুৱৈসকল আছে। যোৱা বছৰ ফাইনেলত দক্ষিণ কোৰিয়াক ২-১ গলত পৰাজিত কৰি ভাৰতে প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰিছিল ৷ প্রতিযোগিতাৰ পুল-এত স্থান লাভ কৰা ভাৰতীয় দলটোৱে চীন, থাইলেণ্ড আৰু মালয়েছিয়াৰ বিৰুদ্ধে খেলিব। প্ৰতিটো পুলৰ পৰা শীৰ্ষ দুটা দলে ছেমি ফাইনেলত ...

November 20, 2024 8:54 PM

views 31

মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনক ১-০ গ’লত পৰাস্ত ভাৰতৰ

ভাৰতে আজি বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনক ১-০ গ'লত পৰাস্ত কৰি খিতাপ দখল কৰে। খেলখনত দীপিকাই ভাৰতৰ হৈ একমাত্র গলটো দিয়ে। ইয়াকে লৈ খেলুৱৈগৰাকীয়ে এই প্ৰতিযোগিতাত মুঠ ১১ টা গ'ল দিয়ে।