December 25, 2025 8:31 PM

views 18

অসমৰ ছোৱালী দলৰ অস্মিতা পূব মণ্ডল জুনিয়ৰ হকী লীগ প্রতিযোগিতাত ব্ৰঞ্জৰ পদক অর্জন

অসমৰ ছোৱালী দলে অস্মিতা পূব মণ্ডল জুনিয়ৰ হকী লীগ প্রতিযোগিতাত ব্ৰঞ্জৰ পদক অর্জন কৰিছে। অসমে আজি গুৱাহাটীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈয়বুল্লাহ হকী ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় স্থান নির্ধাৰণকাৰী খেলত ত্ৰিপুৰাক ১৬-০ গলত পৰাস্ত কৰে। ওড়িশাই মিজোৰামক ৪-৩ গলৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাত স্বর্ণ পদক লাভ কৰে।

December 12, 2025 12:06 PM

views 18

এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপত ব্ৰঞ্জৰ পদক দখল কৰা ভাৰতৰ জুনিয়ৰ হকী দলটোক প্রধানমন্ত্রীৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপ ২০২৫ত ব্ৰঞ্জৰ পদক দখল কৰা ভাৰতৰ জুনিয়ৰ হকী দলটোক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীমোদীয়ে কয়, যে ৰাষ্ট্ৰৰ যুৱ তাৰকা আৰু উৎসাহী দলটোৱে সন্মানীয় এই প্রতিযোগিতাত ভাৰতৰ হৈ প্ৰথমবাৰৰ বাবে ব্ৰঞ্জৰ পদক অর্জন কৰি দেশলৈ সন্মান কঢ়িয়াই আনিছে। দলটোৰ এই সাফল্যই সমগ্ৰ দেশৰ যুৱ খেলুৱৈসকলক অধিক উৎসাহিত কৰিব বুলি শ্রীমোদীয়ে লগতে প্ৰকাশ কৰিছে।

December 6, 2025 4:04 PM

views 22

ভাৰত পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

● ভাৰতে পুৰুষৰ জুনিয়ৰ বিশ্বকাপ হকী প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱা নিশা চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণণ হকী ষ্টেডিয়ামত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামক পেনাল্টি শ্যুট আউটৰ সহায়ত ৪-৩ গ'লত পৰাস্ত কৰে। খেলখন নিৰ্ধাৰিত সময়ত ২-২ গ'লত অমিমাংসীত হৈ ৰোৱাত পেনাল্টি শ্যুট আউটৰ সহায় ল'বলগীয়া হয়।

December 3, 2025 12:42 PM

views 34

এফ আই এইচ জুনিয়ৰ হকী বিশ্বকাপত ভাৰত ফাইনেলত প্ৰৱেশ

তামিলনাডুৰ মাদুৰাই আন্তঃৰাষ্ট্ৰীয় হকী ষ্টেডিয়ামত অনুষ্ঠিত এফ আই এইচ জুনিয়ৰ হকী বিশ্বকাপত পুৰুষৰ এখন খেলত ভাৰতে ছুইজাৰলেণ্ডক ৫-০ গ'লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আয়োজক দল ভাৰতে এই পর্যন্ত তিনিখন খেলৰ পৰা ৯ পইণ্ট লাভ কৰি পুল বিৰ শীৰ্ষত থাকে। ৰোহিত নেতৃত্বাধীন ভাৰতে শুকুৰবাৰে চেন্নাইত বেলজিয়ামৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হব। ভাৰতে জুনিয়ৰ হকী বিশ্বকাপত দুবাৰকৈ জয়লাভ কৰিছে। ইফালে, প্রতিযোগীতাত মহিলাৰ শাখাত আজি চিলিৰ ছান্টিয়াগোত হ'বলগীয়া দ্বিতীয়খন নক আউট খেলত ভাৰতে জাৰ...

November 29, 2025 10:24 PM

views 20

কানাডাক পৰাস্ত কৰি ভাৰত চুলতান আজলান শ্বাহ হকী প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ

● ভাৰতে কানাডাক পৰাস্ত কৰি চুলতান আজলান শ্বাহ হকী প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি মালয়েছিয়াৰ ইপোহৰ ষ্টেডিয়ামত অনুষ্ঠিত ছেমিফাইনেলত ভাৰতে আক্ৰমণাত্মক প্ৰদৰ্শনেৰে ১৪-৩ গ'লত কানাডাক পৰাস্ত কৰিছে। ভাৰতৰ হৈ জুগ্ৰাজ সিঙে চাৰিটা, আৰু ৰাজিন্দ সিঙে দুটা গ'ল কৰে ৷

September 5, 2025 8:27 PM

views 29

পুৰুষৰ এছিয়া কাপ হকীৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ এখন খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে খেলিব

বিহাৰৰ ৰাজগীড়ত চলি থকা পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে খেলিব। খেলখন ৰাজগীড় আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ'ব। ভাৰতে এতিয়ালৈকে এখন খেলত জয়লাভ কৰাৰ লগতে আন এখন খেলত সমতা স্থাপন কৰি ছুপাৰ ফ'ৰ পৰ্যায়ৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত আছে। কালি সন্ধিয়া অনুষ্ঠিত ছুপাৰ ফ'ৰ পৰ্যায়ৰ এখন খেলত ভাৰতে মালয়েছিয়াক ৪-১ গ'লত পৰাস্ত কৰিছিল। অধিনায়ক হৰমনপ্রীত সিঙৰ নেতৃত্বত ভাৰতীয় দলটোৱে আক্রমণাত্মকভাৱে খেলি প্ৰতিযোগিতাৰ শক্তিশাল...

September 3, 2025 8:28 PM

views 17

ৰাজগীৰত পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ’ৰ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ

বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত পুৰুষৰ এছিয়া কাপ হকী প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হৈছে। ভাৰত আজি ছুপাৰ ফ'ৰ পৰ্যায়ৰ প্ৰথমখন খেলত কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে আজি বিয়লি অনুষ্ঠিত এখন খেলত জাপানে চাইনিছ টাইপেইক ২-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। জাপানে খেলখনৰ আৰম্ভণিৰ পৰাই সুন্দৰ প্রদর্শনেৰে দুটাকৈ গ'লেৰে নিজৰ আধিপত্য বজাই ৰাখে।

July 3, 2025 8:31 PM

views 22

ৰাঁচীত পঞ্চদশ হকী ইণ্ডিয়া চাব জুনিয়ৰ ৰাষ্ট্ৰীয় মহিলা চেম্পিয়নশ্বিপ ২০২৫ উদ্বোধন

পঞ্চদশ হকী ইণ্ডিয়া চাব জুনিয়ৰ ৰাষ্ট্ৰীয় মহিলা চেম্পিয়নশ্বিপ ২০২৫ আজি ৰাঁচীৰ মাৰাং গম্‌কে জয়পাল সিং হকী ষ্টেডিয়ামত ঝাৰখণ্ডৰ ক্ৰীড়া মন্ত্ৰী সুবিদ্য কুমাৰে উদ্বোধন কৰে। হকী কৰ্ণাটক আৰু কেৰালা হকীৰ মাজত আজি অনুষ্ঠিত উদ্বোধনী মেচখন হয়। পুল চিৰ আজি পুৱা অনুষ্ঠিত তিনিখন খেলত হকী হিমাচল প্রদেশ দলটোৱে হকী ৰাজস্থানক ৭-০ গলত, হকী অসম দলে হকী গোৱাক ৭–১ গলত পৰাস্ত কৰে। তৃতীয়খন মেচ হকী তেলেংগানা আৰু হকী জম্মু-কাশ্মীৰৰ মাজত ২-২ গলত ড্র হয়। অহা ১৪ জুলাইত সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনত মুঠ ২৮ টা দলে অ...

June 30, 2025 12:09 PM

views 35

এফ আই এইচ প্র’লীগ হকী প্রতিযোগিতাত ভাৰতীয় মহিলা হকী দলটো চীনৰ বিৰুদ্ধে ২-৩ গ’লৰ ব্যৱধানৰ পৰাস্ত

বার্লিনত অনুষ্ঠিত এফ আই এইচ প্র’লীগ হকী প্রতিযোগিতাত কালি নিশাৰ এখন খেলত ভাৰতীয় মহিলা হকী দলটোৱে চীনৰ বিৰুদ্ধে ২-৩ গ’লৰ ব্যৱধানৰ পৰাস্ত হয়। খেলখনৰ নৱম মিনিটত ভাৰতৰ সুনেলীটা টপ্পাই প্ৰথমটো গ’ল দিয়াৰ পাছত পুনৰ ৩৮ মিনিটত ৰুতুজা দাদাছ' পিছালে দ্বিতীয়টো গ’ল দি দলক অগ্রগতি প্ৰদান কৰে যদিও পৰৱৰ্তী পৰ্যায়ত চীনৰ ঝেং য়িঙে দুটা আৰু জু ৱেনয়ুয়ে এটা গ’ল দি দলৰ বিজয় নিশ্চিত কৰে। ক্রমাগত ৮ খন খেলত পৰাজিত হোৱাৰ পাছত ভাৰতে ১৬ খন খেলৰ পৰা ১০ পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শেষত স্থান লাভ কৰিছে।

June 27, 2025 12:06 PM

views 21

মহিলাৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ প্রতিযোগিতাৰ ফাইনেলত আজি ওড়িশা পঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ

মহিলাৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ প্রতিযোগিতাৰ ফাইনেলত আজি ওড়িশা পঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন তামিলনাডুৰ চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণণ হকী ষ্টেডিয়ামত দুপৰীয়া ২ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে প্ৰথমখন ছেমি ফাইনেলত ওড়িশাই তামিলনাড়ুক ৪-১ গলত পৰাস্ত কৰিছিল। ইপিনে পঞ্জাৱে দ্বিতীয়খন ছেমি ফাইনেলত হাৰিয়ানাৰ বিৰুদ্ধে ৩-২ গলত বিজয় সাব্যস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল। ইপিনে, একেখন প্রতিযোগিতাৰ পুৰুষৰ শিতানৰ ফাইনেলত আজি বিয়লি ৪ বজাত তামিলনাড়ু মহাৰাষ্ট্ৰৰ মুখামুখি হ'ব। এইখন খেলো মেয়ৰ ৰাধাকৃষ্ণণ হকী...