January 11, 2025 8:46 PM

views 42

HMP ভাইৰাছক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাইঃ ডাঃ অভিজিত শৰ্মা

HMP ভাইৰাছক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই প্ৰকাশ কৰিছে। ভাৰতবৰ্ষত এই ভাইৰাছৰ অৱস্থিতি ২০০১ চনতে ধৰা পৰিছিল বুলি ব্যক্ত কৰি ডাঃ শৰ্মাই কয়, যে এইচ এম পি ভাইৰাছত সাধাৰণতে ৫ বছৰৰ তলৰ শিশুহে আক্রান্ত হয় আৰু আক্ৰান্ত হোৱা শিশুৰ গাত জ্বৰ, চৰ্দি, মূৰৰ বিষ আদি লক্ষণে দেখা দিয়ে। তেওঁ সকলোকে সতর্কতামূলক ব্যৱস্থাসমূহৰ লগতে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনায়। লগতে অসুস্থ লোকসকলক জনসমাগম পৰিহাৰ কৰি চলিবলৈ পৰামৰ্শ দিয়ে। লগতে তেওঁ জ্বৰ...

January 11, 2025 7:30 PM

views 28

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১০ মহীয়া শিশুৰ দেহত এইচ এম পি ভাইৰাছৰ অৱস্থিতি

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ সময়ত ডিব্ৰুগড় আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰই আজি এটি দহমহীয়া শিশুৰ দেহত এইচ এম পি ভাইৰাছৰ অৱস্থিতি ধৰা পেলায়। উল্লেখযোগ্য যে দেশৰ একাধিক ৰাজ্যত হিউমেন মেটানিউমো ভাইৰাছ চমুকৈ এইচ এম পি ভিত আক্রান্ত লোক চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য মন্ত্রালয়ে ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

January 7, 2025 1:04 PM

views 31

তামিলনাডুত এইচ এম পি ভি ভাইৰাছত দুগৰাকী ব্যক্তি আক্ৰান্ত

তামিলনাডুত হিউমেন মেটানিউম' ভাইৰাছ অৰ্থাৎ‍ এইচ এম পি ভিত দুগৰাকী ব্যক্তি আক্ৰান্ত হৈছে। ইয়াৰে এগৰাকী চেন্নাই আৰু আন গৰাকী ছালেমৰ বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ চৰকাৰে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিছে যে এয়া কোনো নতুন ভাইৰাছ নহয়, এইবিধ ২০০১ চনতে চিনাক্ত কৰা হৈছিল। এই ভাইৰাছবিধৰ বাবে আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি তামিলনাডুৰ চৰকাৰে জানিবলৈ দিছে। আক্রান্ত দুয়োগৰাকী ব্যক্তিক চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে আৰু বৰ্তমান তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ জানিব পৰা গৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত...

January 6, 2025 5:59 PM

views 30

এইচ এম পি ভিৰ প্ৰাদুৰ্ভাৱক লৈ উদ্বেগ বৃদ্ধি, কৰ্ণাটকত আক্ৰান্ত দুজন লোক চিনাক্ত

চীন দেশত হিউমেন মেটানিউম' ভাইৰাছ অর্থাৎ‍ এইচ এম পি ভিৰ প্ৰাদুৰ্ভাৱক লৈ উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে কৰ্ণাটকত এই ৰোগত আক্ৰান্ত দুজন লোক চিনাক্ত হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ পৰীক্ষাত এই আক্রান্ত দুজনৰ বিষয়ে নিশ্চিত কৰা হৈছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে ইয়াৰ পৰিপ্ৰেক্ষিতত সকলো দিশ সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। জানিবলৈ পৰা মতে, এটি তিনিমহীয়া কন্যা শিশু আৰু এটি আঠমহীয়া ল'ৰাৰ দেহত এই ৰোগ ধৰা পৰে যদিও দুয়োটা শিশু সম্প্রতি সুস্থ হ'ব ধৰিছে আৰু এ...