January 13, 2026 9:05 PM

views 21

ভাৰতে জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অভূতপূর্ব বৃদ্ধি লাভ কৰিছে: অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কয়, যে ভাৰতে জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অভূতপূর্ব বৃদ্ধি লাভ কৰিছে, যিয়ে দেশৰ বাবে বিশেষ সুযোগ প্ৰদান কৰিছে। গান্ধীনগৰ জিলাৰ পেঠাপুৰত গুজৰাট বায়'টেকন'লজি ৰিচাৰ্ছ চেণ্টাৰৰ বি এছ এল ৪ বায়'কণ্টেইনমেণ্ট ফেচিলিটী উদ্বোধন কৰি শ্ৰীশ্বাহে এনেদৰে কয়। শ্ৰীশ্বাহে লগতে কয়, যে ২০১৪ চনত ভাৰতৰ জৈৱ অৰ্থনীতি ১০ বিলিয়ন ডলাৰ থকাৰ বিপৰীতে ২০২৪ চনৰ শেষলৈকে ১৬৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি হয়।

August 28, 2025 6:55 PM

views 25

আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ

এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্রী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কিছুসময়ৰ পিছতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হব। ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃবৰ্গই প্ৰকাশ কৰা অনুসৰি তেওঁক বিমান বন্দৰৰ পৰা পোনে পোনে বশিষ্টৰ অটল বিহাৰী বাজপেয়ী ভৱনলৈ ৰাওনা হব। তেওঁ বিজেপিৰ মূল সমিটিৰ সৈতে বাজপেয়ী ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হব। ইয়াৰ পি...

June 1, 2025 3:08 PM

views 30

কলকাতাৰ নিউটাউনত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ নতুন ভৱন উদ্বোধন গৃহমন্ত্ৰী অমিত শ্বাহৰ

● কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি কলকাতাৰ নিউটাউনত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ নতুন ভৱন উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীশ্বাহে কয়, যে এই নতুন গৱেষণাগাৰটোৱে পূব আৰু উত্তৰ পূব ভাৰতৰ বহুতো জটিল গোচৰৰ সমাধানত সহায় কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্রমণসূচীৰে যোৱা নিশা কলকাতালৈ আহে। বিমানবন্দৰত তেওঁক বিজেপি নেতা সুভেন্দু অধিকাৰী আৰু দলৰ অন্যান্য নেতাকর্মীয়ে আদৰণি জনায়। আজি শ্ৰীশ্বাহে বিজেপিৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰাৰ কথা।

May 23, 2025 3:25 PM

views 18

অপাৰেচন সিন্দূৰ পেহেলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ আৰু ভাৰতীয় সেনাবাহিনীৰ বিৰত্বক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছেঃ গৃহমন্ত্রী

অপাৰেচন সিন্দূৰ পেহেলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ আৰু ভাৰতীয় সেনাবাহিনীৰ বিৰত্বক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰে। শ্ৰী শ্বাহে অপাৰেচন সিন্দুৰৰ সফলতাৰ বাবে চৰকাৰৰ শক্তিশালী ৰাজনৈতিক ইচ্ছা, চোৰাংচোৱা সংস্থাৰ যথাৰ্থ তথ্য আৰু সেনাবাহিনীৰ সাহসক শলাগ লয়। নতুন দিল্লীত আয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰী শ্বাহে কয়, যে সীমান্ত সুৰক্ষা বাহিনী আৰু সশস্ত্র বাহিনীসমূহে সাহসেৰে পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণ কৰি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ সা...

May 2, 2025 11:47 AM

views 25

কেন্দ্ৰীয় চৰকাৰ দেশৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ : গৃহমন্ত্ৰী

● কেন্দ্রীয় গৃহমন্ত্ৰী শ্ৰীশ্বাহে কৈছে যে কেন্দ্ৰীয় চৰকাৰ দেশৰ প্ৰতিটো কোণৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল কৰিবলৈ বদ্ধপৰিকৰ। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে অসম চৰকাৰৰ উদ্যোগত কালি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত বডোফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। গৃহমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে অসমৰ লগতে উত্তৰ-পূব উগ্ৰপন্থী কার্যকলাপৰ পৰা সম্পূৰ্ণ মুক্ত হৈ উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা...

April 23, 2025 7:14 PM

views 22

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ আপোনজনক হেৰুওৱাৰ দৰে পীড়া অনুভৱ কৰিছেঃ গৃহমন্ত্ৰী

জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ আপোনজনক হেৰুওৱাৰ দৰে পীড়া অনুভৱ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জম্মুৰ বেইচ্‌ণ বনাঞ্চলত আজি সুৰক্ষা পৰিস্থিতিৰ বুজ লৈ এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে অঞ্চলটোত কালি সংঘটিত সন্ত্রাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গক এইবুলি আশ্বাস দিয়ে যে নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা সন্ত্ৰাসবাদীসকলক কোনো কাৰণতে ৰেহাই দিয়া ন'হব। ভাৰতে সন্ত্ৰাসবাদীৰ ওচৰত শিৰনত নকৰে বুলি তেওঁ উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই কাপুৰুষাল...

April 5, 2025 9:06 PM

views 26

অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত ছত্তীশগড়ৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে উৎখাত কৰা হ’বঃ গৃহমন্ত্ৰী

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত ছত্তীশগড়ৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে উৎখাত কৰা হ'ব বুলি পুনৰ ঘোষণা কৰিছে। আজি ছত্তীশগড়ৰ দন্তেৱাড়াত অনুষ্ঠিত বস্তাৰ পাণ্ডুম উৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ মাওবাদীসকলক অস্ত্র ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায়। গৃহ মন্ত্ৰীগৰাকীয়ে ছত্তীশগড়ৰ আদিবাসী লোকসকলৰ শিল্প আৰু কাৰু শিল্পৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ বাবে বস্তাৰ পাণ্ডুমক প্ৰশংসা কৰে। তেওঁ লগতে কয় যে, অহা বছৰৰ পৰা ৰাজ্যখনৰ প্ৰতিটো জনগোষ্ঠীৰ...

March 14, 2025 10:49 AM

views 28

আজি ৩দিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি তিনিদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। আজি নিশাটো দেৰগাঁৱত কটোৱাৰ পাছত কাইলৈ পুৱাৰ ভাগত তেওঁ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। ১৬৭ কোটি ৪০ লাখ টকাৰ ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে ৪২৫ কোটি ৪৮ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া লাচিত বৰফুকন পুলিচ একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত...

March 13, 2025 3:09 PM

views 26

গান্ধী নগৰত ১৪৬ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি তেওঁৰ সংসদীয় সমষ্টি গান্ধী নগৰত ১৪৬ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ৰে'ল, স্থলপথ আৰু স্বাস্থ্য খণ্ডৰ প্ৰকল্পসমূহক সামৰি লোৱা হৈছে। অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে বিশেষকৈ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত দেশে লাভ কৰা উল্লেখনীয় অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰে। স্বানন্দ অঞ্চলত নতুনকৈ এখন ৫০০ খন বিছনাযুক্ত চিকিৎসালয় আৰু গান্ধী নগৰত এখন নতুন অসামৰিক চিক...

March 7, 2025 7:45 PM

views 31

কেন্দ্ৰীয় চৰকাৰে ২০১৯ বৰ্ষৰ পৰাই চি আই এছ এফৰ প্ৰতিষ্ঠা দিৱস দেশৰ বিভিন্ন স্থানত উদযাপন কৰাৰ সিদ্ধান্ত লৈছেঃ গৃহমন্ত্ৰী

কেন্দ্ৰীয় চৰকাৰে ২০১৯ বৰ্ষৰ পৰাই চি আই এছ এফৰ প্ৰতিষ্ঠা দিৱস দেশৰ বিভিন্ন স্থানত উদযাপন কৰাৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি শ্ৰী শ্বাহে আজিৰ অনুষ্ঠানত ২২ গৰাকী সাহসী সৈনিকক পদক প্রদান কৰিবলৈ সুযোগ পোৱাটো তেওঁৰ বাবে সন্মানজনক বুলি মত প্ৰকাশ কৰে। চি আই এছ এফৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা উপকূলীয় চাইক্ল’থনৰ জৰিয়তে দেশৰ সুৰক্ষাৰ বাবে প্ৰতিষ্ঠানটোৱে আগবঢ়াই অহা সেৱা সন্দৰ্ভত গ্রামাঞ্চলত বাস কৰি থকা লোকসকলক সজাগ কৰি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। দেশৰ বিভিন্ন স্থানত ৰে...