May 16, 2025 11:45 AM

views 8

নতুন দিল্লীৰ এইমছত চত্তিশগড়-তেলেংগানা সীমান্তত নক্সালবিৰোধী অভিযানত আহত সুৰক্ষা কৰ্মীসকলৰ স্বাস্থ্যৰ বুজ লয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি নতুন দিল্লীত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ) পৰিদৰ্শন কৰি চত্তিশগড় আৰু তেলেংগানা সীমান্তত কৰেগুট্টা পার্বত্য অঞ্চলত চলোৱা ২১ দিন জোৰা নক্সালবিৰোধী অভিযানত আহত সুৰক্ষা কৰ্মীসকলৰ স্বাস্থ্যৰ বুজ লয়। শ্ৰীশ্বাহে সামাজিক মাধ্যমযোগে কয়, যে সুৰক্ষা বাহিনীসমূহে অসীম বীৰত্বৰে নক্সালবাদক পুলিয়ে-পোখাই উৎখাত কৰাৰ কামত ব্ৰতী হৈছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে পৰিদৰ্শন কালত তেওঁ সুৰক্ষা কৰ্মীসকলৰ স্বাস্থ্যৰ বুজ লয় আৰু সমগ্ৰ দেশে তেওঁলোকক লৈ ভৰসা...