May 7, 2025 8:24 PM

views 14

সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধান আৰু মুখ্য সচিবসকলৰ সৈতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বৈঠক

সিন্দূৰ অভিযানৰ পাছত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি সীমান্তৱৰ্তী ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধান আৰু মুখ্য সচিবসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জম্মু-কাশ্মীৰ, পাঞ্জাব, ৰাজস্থান, গুজৰাট, ছিকিম, উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ লগতে লাডাখ আৰু জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপালে অংশ লয়।