January 19, 2026 2:30 PM

views 12

এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ শুভেচ্ছা

গৃহমন্ত্রী অমিত শ্বাহেও এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে এন ডি আৰ এফক বিশ্বাসৰ স্তম্ভ আক্ষা দি কয় যে দুৰ্যোগৰ সময়ত দেশে এন ডি আৰ এফৰ ওপৰত ভৰষা কৰে। দেশখনক দুর্যোগ প্ৰতিৰোধী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সংকল্প সফল কৰাৰ ক্ষেত্ৰত এন আৰ এফে ৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি শ্ৰী শ্বাহে উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে আনৰ নিৰাপত্তা সুনিশ্চিত কৰা বাবে আত্মাহোতি দিয়া শহিদসকল...

December 29, 2025 11:27 AM

views 29

গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও প্রকল্প উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

● কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে ভালেমান কার্যসূচীত অংশ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কালি গুৱাহাটীলৈ অহাৰ কথা আছিল যদিও ঘন কুঁৱলীৰ বাবে তেওঁৰ বিমান যাত্রা বাতিল হোৱাত অসম ভ্রমণ এদিন পিছুৱাই দিবলগীয়া হয়। আজি পুৱা গুৱাহাটীত উপস্থিত হৈ শ্ৰীশ্বাহে শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্রদ্ধা জনাব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত নগাঁও জিলাৰ বটদ্ৰৱাত ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতি...

October 27, 2025 7:57 PM

views 57

ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি মুম্বাইত ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰী শ্বাহে কয়, যে ভাৰতৰ সামুদ্রিক দৃষ্টিভংগী, নিৰাপত্তা, স্থিৰতা আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত প্রতিষ্ঠিত শেহতীয়া কেইটামান বছৰত গ্ৰহণ কৰা ব্যাপক গাঁথনিগত সংস্কাৰৰ জৰিয়তে ভাৰত সম্প্ৰতি এটা গুৰুত্বপূৰ্ণ সামুদ্রিক শক্তিৰূপে উদ্ভাসিত হৈ উঠিছে। বিনিয়োগকাৰীসকলৰ বাবে ভাৰতৰ সামুদ্রিক সম্ভাৱনীয়তাৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশখনৰ ৭,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূলীয় অঞ্চল ১৩ খন উপকূলীয় ...

September 11, 2025 3:30 PM

views 27

FAST TRACK IMMIGRATION – বিশ্বাসযোগ্য যাত্রী কার্যসূচী উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

■ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি লক্ষ্ণৌ, তিৰুৱনন্তপুৰম, ত্ৰীচি, কালিকট আৰু অমৃতসৰ বিমান বন্দৰত ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাৰে FAST TRACK IMMIGRATION - বিশ্বাসযোগ্য যাত্রী কার্যসূচী উদ্বোধন কৰে। ইয়াৰ জৰিয়তে ভিন ভিন কামত বিদেশলৈ যাত্ৰা কৰা লোকসকলৰ পাছপ'ৰ্টকে ধৰি যাৱতীয় নথি-পত্ৰ পৰীক্ষাৰ প্ৰক্ৰিয়া দ্রুত, সৰল আৰু সুৰক্ষিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই ব্যৱস্থাই ভাৰতীয় নাগৰিক আৰু প্ৰবাসী লোকসকলক অধিক সুবিধা প্ৰদান কৰিব। বিমান বন্দৰৰ ই-প্ৰৱেশদ্বাৰ অথবা স্বয়ংচালিত প্ৰৱেশদ্বাৰসমূহৰ এই ব্যৱস্থা ...

June 22, 2025 7:56 PM

views 34

সভ্য সমাজত হিংসা তথা সন্ত্ৰাসবাদৰ কোনো স্থান নাই : গৃহমন্ত্রী অমিত শ্বাহ

গৃহমন্ত্রী অমিত শ্বাহে কয় যে সভ্য সমাজত হিংসা তথা সন্ত্ৰাসবাদৰ কোনো স্থান নাই। চৰকাৰে নক্সালবাদ সমুলঞ্চে নিৰ্মূল কৰাৰ পণ লোৱা বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই লক্ষ্যত অচিৰেই উপনীত হোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। নৱা ৰায়পুৰৰ বাঞ্জৰি গাঁওত ৰাষ্ট্ৰীয় ফৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয় আৰু কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ ভৱনৰ আধাৰশিলা স্থাপন কৰি তেওঁ এইকথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৪০ একৰ ভূমিত দুয়োখন প্ৰতিষ্ঠান নিৰ্মাণ কৰা হব। মন্ত্ৰীগৰাকীয়ে কয় যে চত্তিশগড়ত ফৌজদাৰী ন্যায় ব্যৱস্থা আ...

March 13, 2025 11:06 AM

views 27

তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ

● কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমত উপস্থিত হ'ব। অসম ভ্ৰমণকালত শ্ৰীশ্বাহে নিখিল বড়ো ছাত্ৰ সন্থা এবছুৰ বাৰ্ষিক সন্মিলনসহ কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰী শ্বাহে পৰহিলৈ ডেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱন মুকলি কৰিব। পাছত তেওঁ ডেৰগাঁৱৰ পৰা মিজোৰামলৈ যাব। তাত মন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ ঘাটি আইজলৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ জোখাওছঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ ল'ব। যোৱা বছৰৰ ২৩ অক্টোবৰত নতুন দিল্লী...

August 1, 2024 1:36 PM

views 17

ৱায়নাডৰ ভূমিস্খলন প্ৰভাৱিত লোকসকলৰ উদ্ধাৰ, সাহায্য আৰু পুনৰবাসনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভাৱ্য সকলো ধৰণৰ সহায় আগবঢ়াবঃ গৃহমন্ত্রী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৱায়নাডৰ ভূমিস্খলন প্ৰভাৱিত লোকসকলৰ উদ্ধাৰ, সাহায্য আৰু পুনৰবাসনৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্ভাৱ্য সকলো ধৰণৰ সহায় আগবঢ়াব আৰু চেষ্টাৰ অকণো ত্ৰুটি নকৰে বুলি আশ্বাস দিছে। দেশৰ বিভিন্ন অংশত ভূমিস্খলন আৰু বানৰ বাবে ধন জন হানি হোৱা সন্দৰ্ভত কালি লোকসভাত এটা মনোযোগ আকৰ্ষণ প্ৰস্তাৱৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীশ্বাহে কয় যে শোকৰ এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰ অথবা ৰাজনৈতিক দলসমূহে কেৰালা চৰকাৰ আৰু ৰাজ্যখনৰ জনসাধাৰণ বিশেষকৈ ৱায়নাডৰ লোকসকলৰ সৈতে দৃঢ়তাৰে ...

July 20, 2024 8:28 PM

views 22

ঝাৰখণ্ডৰ হেমন্ত চোৰেন নেতৃত্বাধীন চৰকাৰ দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি অভিযোগ উত্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে ঝাৰখণ্ডৰ হেমন্ত চোৰেন নেতৃত্বাধীন চৰকাৰ দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি অভিযোগ উত্থাপন কৰিছে। ৰাঁছীত প্রভাতকাৰা ময়দানত ঝাৰখণ্ড বিজেপিৰ সম্প্ৰসাৰিত কাৰ্যকাৰী কমিটিৰ বৈঠকত ভাষণ দি শ্ৰী শ্বাহে কয় যে, ঝাৰখণ্ডৰ এগৰাকী সাংসদৰ ঘৰৰ পৰা ৩০০ কোটি টকা আৰু ৰাজ্যখনৰ এগৰাকী মন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ ওচৰৰ পৰা ৩০ কোটি টকা জব্দ কৰা হৈছে। তেওঁ কয় যে, বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশৰ বাবে ৰাজ্যখনৰ জনগাঁঠনি সলনি হৈছে। চোৰেন চৰকাৰে অনুপ্ৰৱেশৰ বিষয় ল...

July 20, 2024 5:30 PM

views 14

এদিনীয়া ভ্রমণসূচীৰে ৰাছীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহ আজি বিয়লি এদিনীয়া ভ্রমণসূচীৰে ঝাৰখণ্ডৰ ৰাজধানী ৰাছীত উপস্থিত হয়। শ্ৰী শ্বাহে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক কমিটিৰ বৈঠকত অংশগ্ৰহণ কৰিব। তেওঁ লগতে দলৰ ৰাজ্যিক স্থায়ী গোটৰ বৈঠকত উপস্থিত থাকিব আৰু বিজেপি কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। ঝাৰখণ্ড বিজেপিৰ মুৰব্বী বাবুলাল মাৰাণ্ডীয়ে জনোৱা অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লোকসভা নিৰ্বাচনত ৰাজ্যত বিজেপি তথা এন ডি এৰ ফলাফল সন্দৰ্ভতো পর্যালোচনা কৰিব। ঝাৰখণ্ডত চলিত বছৰৰ শেষৰফালে বিধানসভা নির্বা...

July 6, 2024 7:53 PM

views 25

চৰকাৰে অহা ৫ বছৰত দেশত প্ৰায় ২ লাখ গাঁও পঞ্চায়তত বহুমুখী প্রাথমিক কৃষি ঋণ ছ’চাইটি স্থাপন কৰিব

চৰকাৰে অনাগত পাঁচ বছৰৰ ভিতৰত দেশত প্ৰায় ২ লাখ গাঁও পঞ্চায়তত বহুমুখী প্রাথমিক কৃষি ঋণ ছ’চাইটি স্থাপন কৰিব। দুদিনীয়া ভ্রমণসূচীৰে গুজৰাটত উপস্থিত হৈ কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে গুজৰাটৰ গান্ধী নগৰত ১০২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সমবায় দিৱসত ভাষণ প্ৰদান কৰি এই কথা প্ৰকাশ কৰে। সমবায়বোৰৰ মাজত আর্থিক সহযোগিতাৰ পোষকতা কৰি শ্ৰীশ্বাহে কয় যে কেৱল সমবায় বেংকসমূহৰ জৰিয়তে বিত্তীয় লেনদেন সূচল কৰি সমবায় বেংকসমূহৰ নেটৱৰ্ক সুদৃঢ় কৰাৰ বাবে দেশৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ সমবায়সমূহৰ মাজত অর্...