November 5, 2024 2:15 PM November 5, 2024 2:15 PM

views 10

কানাডাত হিন্দু মন্দিৰৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা চিন্তাজনকঃ বিদেশ মন্ত্রী জয়শংকৰ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে কানাডাত হিন্দু মন্দিৰৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক চিন্তাজনক বুলি অভিহিত কৰিছে। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৰঙৰ সৈতে আজি পুৱা কেনবেৰাত যুটীয়া সংবাদমেলক সম্বোধন কৰি ড° জয়শংকৰে কানাডাত সন্ত্ৰাসবাদী শক্তিসমূহক ৰাজনৈতিক শৰণ দিয়াক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে কানাডাত কোনোধৰণৰ বিশেষ তথ্য অবিহনে অভিযোগ উত্থাপন কৰাৰ অভ্যাসত পৰিণত হৈছে। কানাডাত ভাৰতীয় কূটনীতিবিদসকলৰ ওপৰত নজৰ ৰখাৰ ঘটনা গ্রহণযোগ্য নহয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। কেনবেৰাত হিন্দু মন্দিৰৰ ওপৰত হো...