September 14, 2025 8:30 PM September 14, 2025 8:30 PM
6
হিন্দী দিৱস উপলক্ষে প্রধানমন্ত্ৰী আৰু কেন্দ্রীয় গৃহমন্ত্রীৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিন্দী দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্রী মোদীয়ে কয় যে হিন্দী কেৱল যোগাযোগৰ মাধ্যম নহয়, বৰঞ্চ দেশৰ পৰিচয় আৰু মূল্যবোধৰ সজীৱ ঐতিহ্য। সমগ্ৰ বিশ্বতে হিন্দী ভাষাৰ প্ৰতি ক্রমবর্ধমান সন্মান জাতিটোৰ বাবে গৌৰৱ আৰু প্ৰেৰণাৰ বিষয় বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে জনসাধাৰণক সকলো ভাৰতীয় ভাষাৰ লগতে হিন্দী ভাষাৰ সংকল্প আৰু সমৃদ্ধিৰ বাবে একত্রিত হ'বলৈ আৰু ভবিষ্যত প্ৰজন্মলৈ গৌৰৱেৰে কঢ়িয়াই লৈ যাবলৈ আহ্বান জনায়। কেন্দ্রীয...