September 14, 2024 8:37 PM

views 30

সমগ্র দেশতে আজি হিন্দী দিৱস পালন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে যে, হিন্দী ভাষাই দেশক ঐক্যবদ্ধ কৰাত অভূতপূৰ্ব ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে, হিন্দী ভাষা আৰু অন্য ভাষাসমূহৰ মাজত কোনো ধৰণৰ প্ৰতিযোগিতা নাই কাৰণ সেইবোৰৰ পৰস্পৰৰ পৰিপূৰক । নতুন দিল্লীত আজি ৰাজভাষাৰ হীৰক জয়ন্তী সমাৰোহ আৰু চতুৰ্থ অখিল ভাৰতীয় ৰাজভাষা সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি শ্ৰী শ্বাহে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, সকলো ভাষাৰ সুদৃঢ়কৰণৰ জৰিয়তেহে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তুলিব পৰা যাব। তেওঁ কয় যে, ৰাষ্ট্ৰীয় শিক্ষা নীতিত শিশুসকলক মাতৃ ভাষা...