December 6, 2024 10:32 AM

views 23

২০২৪-২৫ বৰ্ষৰ সাহিত্য বঁটা আৰু পেঞ্চন প্ৰাপকৰ তালিকা প্রকাশ

  ৰাজ্য চৰকাৰে ২০২৪-২৫ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু পেঞ্চন প্ৰাপকৰ তালিকা প্রকাশ কৰিছে। কাইলৈ প্ৰয়াত সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্ম দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত ৩১ গৰাকী ব্যক্তিক এই সন্মান জনোৱা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুও উপস্থিত থাকিব।

December 5, 2024 8:47 PM

views 23

৪ গৰাকী বিধায়কে শনিবাৰে দিনৰ ১২ বজাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ

চাৰিগৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পৰহিলৈ অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। চাৰিগৰাকী বিধায়কে শনিবাৰে দিনৰ ১২ বজাত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যম এক্সযোগে এই কথা প্ৰকাশ কৰিছে। এই নতুন মন্ত্ৰীসকল হ'ব ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা। মুখ্যমন্ত্ৰীয়ে তেওঁৰ বাৰ্তাটোত মন্ত্রীসভাত নতুনকৈ অন্তর্ভুক্ত হ'বলগীয়া বিধায়ককেইগৰাকীক আগতীয়া শুভেচ্ছ...

December 4, 2024 12:41 PM

views 32

গুৱাহাটী ৰিং ৰোড, কাজিৰঙা কৰিডৰ আৰু গহপুৰ-নুমলীগড়ৰ সংযোগী সুৰগ পথৰ ভূমি অধিগ্ৰহণ শীঘ্ৰে আৰম্ভ হ’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৰূপায়ণ কৰিবলৈ লোৱা গুৱাহাটী ৰিং ৰোড, কাজিৰঙা এলিভেটেড কৰিড'ৰ আৰু গহপুৰ-নুমলীগড়ৰ পানীৰ তলৰ সুৰঙ্গ পথ নিৰ্মাণৰ বাবে শীঘ্ৰেই ভূমি অধিগ্ৰহণ আৰু যাৱতীয় কামসমূহ সম্পূৰ্ণ কৰা হ'ব। কালি নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে অনুষ্ঠিত এখন বৈঠকত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয়, যে ৰাজ্য চৰকাৰে পূৰ্বে দিয়া প্ৰস্তাৱক মান্যতা প্ৰদান কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট-ডিব্ৰুগড় সম্প্ৰস...

November 29, 2024 6:15 PM

views 34

ৰাজ্যৰ দুটা পৰ্যটন প্রকল্পৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ২০০ কোটি টকাৰ পুঁজি অনুমোদনত প্রধানমন্ত্ৰীক কৃতজ্ঞতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যখনৰ দুটা পৰ্যটন প্রকল্পৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২০০ কোটি টকাৰ পুঁজি অনুমোদন জনোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে। মূলধনী বিনিয়োগৰ বাবে ৰাজ্যসমূহক প্ৰদান কৰি অহা বিশেষ সাহায্যৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৰংঘৰ আৰু ৰাজ্যিক চিৰিয়াখানাৰ উন্নয়নৰ বাবে এই ধনৰাশিৰ অনুমোদন জনায়। অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানৰ বাবে ৯৭ কোটি ১২ লাখ টকা আৰু শিৱসাগৰৰ ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ৯৪ কোটি ৭৬ লাখ টকা কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনা...

November 5, 2024 2:27 PM

views 48

ধলাই সমষ্টিত বিজেপিৰ উন্নয়নমূলক নীতিৰ পৰা যথেষ্ট লাভান্বিত হৈছেঃ মুখ্যমন্ত্রী

ৰাজ্যৰ পাঁচটা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই আজি ধলাই বিধানসভা সমষ্টিত বিজেপি প্রার্থী নিহাৰ ৰঞ্জন দাসৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্রী শর্মাই কয় যে ধলাই সমষ্টিত বিজেপিৰ উন্নয়নমূলক নীতিৰ পৰা যথেষ্ট লাভান্বিত হৈছে। কালি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ হৈ দলটোৰ কেন্দ্ৰীয় নেতা জিতেন্দ্র সিঙে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ চলায়। এই সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক খলিলউদ্দিন...

October 5, 2024 9:34 AM

views 40

দ্বিতীয় পৰ্যায়ত ১৮ খন সম-জিলাৰ কাৰ্যালয় মুকলি কৰা হ’ব

প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি দ্বিতীয় পৰ্যায়ত ১৮ খন সম-জিলাৰ কাৰ্যালয় মুকলি কৰা হ'ব। আজি জালুকবাৰী, নতুন গুৱাহাটী, দিছপুৰ, ডিমৰীয়া, অভয়াপুৰী, ৰহা, লামডিং, লাহৰিঘাট, জাগীৰোড, ঢেকীয়াজুলী, ডুমডুমা, নাহৰকটীয়া, দুলিয়াজান, তিখং, নাজিৰা, ডিমৌ, মাহমৰা আৰু লক্ষিপুৰত সমজিলাৰ কাৰ্যালয় মুকলি কৰা হ'ব। জালুকবাৰী, নিউ-গুৱাহাটী সমজিলাখন আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰাৰ বিপৰীতে কামৰূপ মহানগৰ জিলাত গঠন হ'বলগীয়া আন দুখন সমজিলা দিছপুৰ আৰু ডিমৰীয়া মন্ত্ৰী চন্দ্ৰমোহন...

October 4, 2024 11:29 AM

views 37

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ দ্বাৰা অসমীয়া ভাষাক জগতসভালৈ লৈ যাবলৈ আমি সমৰ্থ হ’ম: মুখ্যমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অসমীয়া, মাৰাঠী, পালী, প্ৰাকৃত আৰু বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদানত অনুমোদন জনাইছে। অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক সমূহ অসমবাসীৰ হৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছে। তেওঁ কয় যে প্রাচীন কামৰূপ তথা বৰ অসমৰ সভ্যতা সংস্কৃতিৰ এই শিপাডালে আমাক আজি পুনৰবাৰ সমৃদ্ধ কৰিলে। এই সিদ্ধান্তৰ দ্বাৰা অসমীয়া ভাষাক জগতসভালৈ লৈ যাবলৈ আমি সমৰ্থ হ'ম বুলি তেওঁ সামাজিক মাধ্যমযোগে প্রকাশ ক...

September 23, 2024 12:00 PM

views 24

প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ OMR চিটৰ ফটোকপী ৫০ টকাৰ বিনিময়ত পাব পৰা হ’বঃ মুখ্যমন্ত্ৰী

চলিত ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ পদবোৰ পূৰণৰ বাবে অনুষ্ঠিত প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ OMR চিটৰ ফটোকপী ৫০ টকাৰ বিনিময়ত পাব পৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছে। উল্লেখযোগ্য যে চৰকাৰে ২০২১ চনৰ পৰীক্ষা প্ৰাৰ্থীসকলৰ পৰা মাচুল লৈছিল যদিও এইবাৰ সেই মাচুল ৰেহাই দিয়া হৈছে। লক্ষ্যনীয় যে প্ৰশ্নকাকত ফাদিল ৰোধ কৰাৰ বাবে অন্য ব্যৱস্থা বোৰৰ লগতে এইবাৰ পৰীক্ষাৰ্থীক পৰীক্ষাৰ অন্তত প্ৰশ্নকাকত লগত নিবলৈ দিয়া হোৱা নাছিল। ইয়...

September 16, 2024 5:42 PM

views 19

পৰীক্ষাগৃহত প্ৰৱেশৰ পূৰ্বে চলোৱা তালাচী সন্দৰ্ভত নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে উত্থাপন কৰা অভিযোগ সম্পৰ্কে অসম আৰক্ষীক তদন্তৰ নির্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি অনুষ্ঠিত অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাত নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে পৰীক্ষাগৃহত প্ৰৱেশৰ পূৰ্বে চলোৱা তালাচী সন্দৰ্ভত উত্থাপন কৰা অভিযোগ সম্পৰ্কে অসম আৰক্ষীক তদন্তৰ নির্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে কয় যে এই পৰীক্ষা স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰাটোৱেই চৰকাৰৰ লক্ষ্য যদিও কোনো লোকৰে মৰ্যাদা আৰু সন্মানকলৈ আপোচ কৰা নহ'ব। বিষয়টো চিন্তনীয় হোৱা হেতুকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ সৈতে আলোচনা কৰি ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে লগতে ক...

September 6, 2024 6:13 PM

views 32

ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ সচিবালয় মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্রী-বিধায়ক উপস্থিত থাকে। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় ৭৯ লাখ লোকৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনি তথা প্ৰকল্পৰ ধাৰাবাহিক নিৰীক্ষণ আৰু স্থানীয় উন্নয়ন ত্বৰান্বিত ক...