October 30, 2024 8:30 PM

views 26

দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণত অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত ৰখাৰ বাবে চৰকাৰে কাম কৰি আহিছেঃ মুখ্যমন্ত্ৰী

গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীপাৰৰ বহু পুৰণি গছ কটাৰ সিদ্ধান্তৰ বিৰুদ্ধে সচেতন ৰাইজে প্ৰতিবাদ কৰাৰ পাছতে ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বসহকাৰে লৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে, দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত ৰখাৰ বাবে কাম কৰি আহিছে। এটা বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনা মূল্যায়ন কৰাৰ বাবে লোকনিৰ্মাণ বিভাগক কেইদিনমান সময় দিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে আহ্ব...