May 25, 2025 8:12 PM

views 89

হিমাচল প্ৰদেশৰ কুল্লু জিলাত সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ক্ষয়ক্ষতি

হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ জগতখানাত কালি সন্ধিয়া সংঘটিত ডাৱৰ বিস্ফোৰণৰ ফলত ব্যাপক ক্ষয়ক্ষতি হৈছে। হঠাৎ নামি অহা পানীৰ ঢৌৱে পথৰ কাষত ৰখাই থোৱা কেইবাখনো বাহন উটুৱাই লৈ যায়। এই অঞ্চলটো ছিমলা জিলাৰ ৰামপুৰৰ সৈতে সংলগ্ন। মহকুমা দণ্ডাধীশ মনমোহন শৰ্মাই জনোৱা মতে ডাৱৰ বিস্ফোৰণৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও যথেষ্ট পৰিমাণে সা-সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় ১৫ খনকৈ গাড়ী পাহাৰৰ পৰা নামি অহা ঢলে উটুৱাই লৈ যায়। বহু আৱাসগৃহত পাহাৰৰ শিল-বালি সোমোৱাৰ ফলত জনসাধাৰণ যথেষ্ট পৰিমাণে সন্ত্ৰস্ত হৈ পৰিছে। ইয...