April 15, 2025 2:17 PM

views 43

হিমাচল দিৱস উপলক্ষে হিমাচল প্ৰদেশৰ নাগৰিকসকলক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল দিৱস উপলক্ষে হিমাচল প্ৰদেশৰ নাগৰিকসকলক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে কয়, যে ৰাজ্যখন গৌৰৱময় সংস্কৃতিৰ বাবে বিখ্যাত আৰু ইয়াৰ জনসাধাৰণ কঠোৰ পৰিশ্ৰম, প্ৰতিভা আৰু বীৰত্বৰ বাবে জনাজাত। আজি ৰাজ্যখনৰ বিশেষ দিনটোত তেওঁ সকলোৰে সুখ-সমৃদ্ধি আৰু সু-স্বাস্থ্য কামনা কৰে।