November 23, 2025 11:01 AM

views 26

ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে শৈক্ষিক বর্ষ পুনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ প্ৰৱৰ্তনৰ প্ৰস্তাৱ সন্দৰ্ভত সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আনুষ্ঠানিক আলোচনা আৰম্ভ কৰিছে

ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে শৈক্ষিক বর্ষ পুনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ প্ৰৱৰ্তনৰ প্ৰস্তাৱ সন্দৰ্ভত সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আনুষ্ঠানিক আলোচনা আৰম্ভ কৰিছে। ২০২১ চনত ক’ভিড মহামাৰীৰ সময়ত এপ্ৰিলৰ পৰা মাৰ্চলৈ প্ৰৱৰ্তন কৰা শৈক্ষিক বর্ষ সঘনাই বিঘ্নিত হোৱাক লৈ সৃষ্টি হোৱা উদ্বেগৰ মাজতে এই পদক্ষেপ লোৱা হৈছে। বিষয়াসকলে প্ৰকাশ কৰা মতে বিভিন্ন উৎসৱ, বান আৰু এপ্ৰিল মাহৰ প্ৰতিকুল বতৰৰ বাবে এইবাৰৰ শৈক্ষিক বৰ্ষত কেইবাখনো জিলাত শিক্ষা আৰু শিকন প্ৰক্ৰিয়া ব্যাহত হৈছে। ৰাজ্য চৰকাৰে পুৰণি শৈক্ষিক বর্ষ পুনৰ প্ৰ...

July 26, 2025 11:06 AM

views 26

আদর্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিযুক্তি ৰাজ্য চৰকাৰ উচিত সিদ্ধান্ত বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ মত প্ৰকাশ

ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিযুক্তি ৰাজ্য চৰকাৰৰ উচিত সিদ্ধান্ত বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰিছে। গুৱাহাটীত কালি এই কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অভিজ্ঞ শিক্ষক নথকা বাবে বর্তমান আদর্শ মহাবিদ্যালয়সমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই মহাবিদ্যালয়সমূহক সঠিক দিশত নেতৃত্ব দিয়াৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে অভিজ্ঞ শিক্ষক নথকা বাবে আদৰ্শ মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত শিক্ষকসকলৰ বাবে মহাবিদ্যালয়ৰ কামকাজ আগবঢ়া...

June 15, 2024 12:27 PM

views 30

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে চলিত বৰ্ষৰ ৩০ ছেপ্তেম্বৰলৈ নামভৰ্তি বাতিল হোৱা শিক্ষাৰ্থীসকলৰ ধন সম্পূৰ্ণকৈ প্ৰত্যাৰ্পণ কৰিব লাগিব

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহে চলিত বৰ্ষৰ ৩০ ছেপ্তেম্বৰলৈ নামভৰ্তি বাতিল হোৱা শিক্ষাৰ্থীসকলৰ ধন সম্পূৰ্ণকৈ প্ৰত্যাৰ্পণ কৰিব লাগিব। বিশ্ববিদ্যালয় অনুদান আয়োগে ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ নতুন মাচুল প্রত্যার্পণ নীতিত এই বিষয়ে ঘোষণা কৰিছে। উল্লেখযোগ্য যে, শিক্ষার্থী আৰু অভিভাৱকসকলে নামভর্তি প্ৰত্যাহ্বাৰ অথবা বাতিল হোৱাৰ পাছত মাচুল ওভতাই নোপোৱা সন্দৰ্ভত অভিযোগ উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক আইনৰ অধীনৰ সকলো উচ্চ শিক্ষাৰ প্রতিষ্ঠান, বিশ্ববিদ্যালয় অনুদান আয়োগৰ...

May 11, 2024 6:46 PM

views 32

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১০ মে’ৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ চিন্তা-চৰ্চা চলাইছে

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ১০ মে’ৰ ভিতৰত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ চিন্তা-চৰ্চা চলাইছে। শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোঁহাই বৰুৱাই সংবাদ মেলযোগে কয় যে ফলাফল ঘোষণাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া চলাই থকা হৈছে। আজি ফলাফল ঘোষণা কৰা হ'ব বুলি ওলোৱা জাননীখনক তেওঁ সম্পূৰ্ণ ভুৱা বুলি স্পষ্ট কৰিছে। ফলাফলক লৈ দুষ্টচক্ৰই চলোৱা অপপ্ৰচাৰত তেওঁ গৰিহণা দিয়ে। আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত স্থান থাকিব নে নাই, সেই সিদ্ধান্ত পৰীক্ষা সমিতিয়ে ল'ব বুলি অধ্যক্ষগৰাকীয়ে প্ৰ...

April 23, 2024 5:37 PM

views 36

উচ্চ শিক্ষাৰ ক্ষেত্ৰত শেহতীয়া বিশ্ব বাছনি তালিকাত ভাৰতৰ প্ৰদৰ্শন উৎসাহজনক : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্বাব্বেৰেলী ছাইমণ্ডছ, Qs নামৰ ব্ৰিটেইনৰ প্ৰতিষ্ঠানটোৰ উচ্চ শিক্ষা সম্পৰ্কীয় শেহতীয়া বিশ্ব বাছনি তালিকাত ভাৰতৰ প্ৰদৰ্শন উৎসাহজনক বুলি অভিহিত কৰিছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে দেশৰ যুৱ শক্তিৰ হিতার্থে ভৱিষ্যতে গুণগত শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ'ব। চৰকাৰে গৱেষণা, শিকণ আৰু উদ্ভাৱনৰ ব্যাপক গুৰুত্ব আৰোপ কৰিছে বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে লগতে QS ৰ মুখ্য কাৰ্যবাহী বিষয়া নুন্‌জিঅ' ক্বাক্বেৰেলীক সাক্ষাৎ‍ কৰে। শ্ৰী ক্বাকেৰেলীয়ে পৰ...