July 31, 2025 1:14 PM

views 18

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীত নামভৰ্তি কৰিলে নিয়মীয়া শিক্ষাৰ্থীৰ দৰে শ্ৰেণীত উপস্থিত থাকিব লাগিব

বিদ্যালয় শিক্ষা বিভাগৰ অনুমোদন নোপোৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা কোনো চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীত নামভৰ্তি কৰিব বিচাৰিলে নিয়মীয়া শিক্ষাৰ্থীৰ দৰে শ্ৰেণীত উপস্থিত থাকিব লাগিব। তেনে শিক্ষার্থীয়ে তেতিয়াহে ৰাজ্যিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি লাভ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু ন্যায়াধীশ অৰুণ দেৱচৌধুৰীৰ খণ্ড বিচাৰপীঠে কালি এই নিৰ্দেশনা জাৰি কৰে। উল্লেখযোগ্য যে শিক্ষা বিভাগৰ অনুমোদন নোপোৱা বহু ব্যক্তিগত ...