December 11, 2024 8:14 PM
24
সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাকে ধৰি সকলো পৰীক্ষা সম্পূর্ণ দায়বদ্ধতা, স্বচ্ছভাৱে সম্পন্ন কৰিবলৈ অসম লোকসেৱা আয়োগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকীয়নি
গুৱাহাটী উচ্চ ন্যায়ালয়ে ভৱিষ্যতে সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাকে ধৰি সকলো পৰীক্ষা সম্পূর্ণ দায়বদ্ধতাৰে আৰু স্বচ্ছভাৱে সম্পন্ন কৰিবলৈ অসম লোকসেৱা আয়োগক সকীয়াই দিছে। ন্যায়ালয়ে আজি অসম লোকসেৱা আয়োগৰ ২০১৮ চনৰ পৰীক্ষাৰ বিসংগতি সম্পৰ্কীয় এটা গোচৰৰ ৰায়দান কৰি আয়োগক এইদৰে সতৰ্ক কৰি দিয়ে। উচ্চ ন্যায়ালয়ে কয় যে আয়োগে পৰীক্ষাত এন্চাৰ কী আৰু ফলাফল সম্পূৰ্ণ স্পষ্টভাৱে ঘোষণা কৰিব লাগে যাতে কোনো প্ৰাৰ্থীৰ মাজত সন্দেহৰ অৱকাশ থাকি নাযায়। ৰায়দান কালত ২০১৮ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ছ...