January 23, 2025 1:13 PM

views 17

৭৬সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি শ্ৰীলংকাত ভাৰতীয় উচ্চ আয়োগৰ বিশেষ সংগীতানুষ্ঠান, পাপনৰ গীত পৰিৱেশন

আসন্ন ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি শ্ৰীলংকাত থকা ভাৰতীয় উচ্চ আয়োগে কলম্বোৰ নেলুম পকুনা থিয়েটাৰত কালি বিশেষ সংগীতানুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই গীতেৰে দৰ্শকক মন্ত্রমুগ্ধ কৰে। স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত দেশখনত বাস কৰা ভালেসংখ্যক ভাৰতীয় আৰু শ্ৰীলংকাৰ নাগৰিক উপস্থিত থাকে।