June 20, 2025 8:35 PM

views 15

গোলাঘাটৰ মেৰাপানী সীমান্তত বুজন পৰিমাণৰ হেৰ’ইনসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত আজি বিয়লি গোলাঘাট আৰক্ষীয়ে মেৰাপানী আৰক্ষী আৰু সীমাত নিয়োজিত ১৪২ নম্বৰ চি আৰ পি এফৰ সহযোগত অভিযান চলাই বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰে। নাগালেণ্ডৰ ক’হিমাৰ পৰা গোলাঘাটলৈ আহি থকা এখন বাহনৰ পৰা এই হেৰ’ইন জব্দ কৰাৰ লগতে সৰবৰাহৰ সৈতে জড়িত ইন্দ্ৰজিত ডেকা আৰু ৰাজ্জাক আলী নামৰ দুজন সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।