December 22, 2025 12:01 PM

views 13

বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা তথা বোলছবি নিৰ্মাতা হেমচন্দ্ৰ বৰালৈ ‘অসম নাট্য সন্মিলন বঁটা’

অসম নাট্য সন্মিলনে আগবঢ়োৱা অসম নাট্য সন্মিলন বঁটা এইবাৰ বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা তথা বোলছবি নিৰ্মাতা হেমচন্দ্ৰ বৰালৈ আগবঢ়োৱা হৈছে। অসম নাট্য সন্মিলনৰ কৰ্ণধাৰা সমিতিৰ এখন সভাত কালি এই কথা সদৰী কৰা হয়। সন্মিলনীৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা সপোনটি বৰদলৈক এইবাৰ মহেন্দ্ৰ বৰঠাকুৰ বঁটা প্ৰদান কৰা হ'ব। একেদৰে বিশিষ্ট নাট সমালোচক অতুল মজুমদাৰক সত্যপ্ৰসাদ বৰুৱা নাট্য সমালোচক বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে, সদ্যপ্রয়াত নাজিম আহমেদৰ সোঁৱৰণত এইবাৰ নাট্য ...