November 28, 2024 7:33 PM November 28, 2024 7:33 PM
15
ঝাৰখণ্ডৰ চতুৰ্দশগৰাকী মুখ্যমন্ত্ৰী হিচাপে হেমন্ত ছোৰেণৰ শপতগ্ৰহণ
ঝাৰখণ্ড মুক্তি মৰ্চাৰ বিধায়িনী দলৰ নেতা হেমন্ত ছোৰেণে আজি চতুৰ্থবাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছে। আজি বিয়লি ৰাঁচীৰ মোৰহাবাৰী খেলপথাৰত আয়োজিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল সন্তোষ কুমাৰ গংগোৱাৰে তেওঁক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, পশ্চিমবংগৰ মখ্যমন্ত্রী মমতা বেনাৰ্জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, হিমাচল প্ৰদেশৰ ম...