September 25, 2024 12:18 PM September 25, 2024 12:18 PM
3
ঝাৰখণ্ডৰ যুৱক-যুৱতীসকলক কর্মসংস্থাপন প্রদান কৰাত হেমন্ত ছোৰেন নেতৃত্বাধীন চৰকাৰ ব্যৰ্থঃ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান
ঝাৰখণ্ডৰ বিধানসভাৰ নিৰ্বাচনী প্ৰভাৰী তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে হেমন্ত ছোৰেন নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ যুৱক-যুৱতীসকলক কর্মসংস্থাপন প্রদান কৰাত ব্যৰ্থ হৈছে। বোকাৰোত পৰিৱৰ্তন ৰেলীক সম্বোধন কৰি কালি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত বিজেপি চৰকাৰ গঠনৰ পাছত হ'বলগীয়া প্ৰথমখন কেবিনেটতে খালী হৈ থকা ২ লাখ ৭৫ হাজাৰ পদ পূৰণ কৰাৰ সিদ্ধান্ত লোৱা হ'ব। আনহাতে, মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে বিজেপিৰ বিৰুদ্ধে ৰাজ্যখনৰ যুৱক-যুৱতীসকলক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয়...