July 22, 2024 1:00 PM

views 41

ৰাজ্যৰ বান পীড়িত ৰাইজলৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ দুই কোটি টকাৰ সাহায্য

ৰাজ্যৰ বান পীড়িত ৰাইজলৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে দুই কোটি টকাৰ সাহায্য আগবঢ়াইছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যম এক্স যোগে এই কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এই বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক এই মহানুভৱতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আনহাতে অসম আৰক্ষীৰ গৃহিনী কল্যাণ সংস্থাই বান সাহায্য হিচাপে চৰকাৰলৈ আঢ়ৈ লাখ টকা আগবঢ়াইছে। কালি মন্ত্রী পীযুষ হাজৰিকাৰ হাতত অসম আৰক্ষীৰ গৃহিনী কল্যাণ সংস্থাই বান সাহায্যৰ বাবে সংগৃহীত এই টকাখিনি আৰু কিছু খাদ্য সাম...

July 20, 2024 8:28 PM

views 22

ঝাৰখণ্ডৰ হেমন্ত চোৰেন নেতৃত্বাধীন চৰকাৰ দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি অভিযোগ উত্থাপন গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে ঝাৰখণ্ডৰ হেমন্ত চোৰেন নেতৃত্বাধীন চৰকাৰ দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ বুলি অভিযোগ উত্থাপন কৰিছে। ৰাঁছীত প্রভাতকাৰা ময়দানত ঝাৰখণ্ড বিজেপিৰ সম্প্ৰসাৰিত কাৰ্যকাৰী কমিটিৰ বৈঠকত ভাষণ দি শ্ৰী শ্বাহে কয় যে, ঝাৰখণ্ডৰ এগৰাকী সাংসদৰ ঘৰৰ পৰা ৩০০ কোটি টকা আৰু ৰাজ্যখনৰ এগৰাকী মন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ ওচৰৰ পৰা ৩০ কোটি টকা জব্দ কৰা হৈছে। তেওঁ কয় যে, বাংলাদেশৰ পৰা হোৱা অনুপ্ৰৱেশৰ বাবে ৰাজ্যখনৰ জনগাঁঠনি সলনি হৈছে। চোৰেন চৰকাৰে অনুপ্ৰৱেশৰ বিষয় ল...

July 4, 2024 8:30 PM

views 26

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে হেমন্ত ছোৰেনৰ শপতগ্রহণ

ঝাৰখণ্ড মুক্তিমৰ্চাৰ কাৰ্যবাহী সভাপতি হেমন্ত ছোৰেনে আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্রহণ কৰে। ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত তেওঁক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। কলা ধন বৈধকৰণ কৰাৰ অভিযোগৰ এটা গোচৰত উচ্চ ন্যায়ালয়ে তেওঁক জামিনত মুকলি কৰাৰ পাছত তেওঁ তৃতীয়বাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিধি বলৱৎকাৰী সঞ্চালকালয়ে ৩১ জানুৱাৰীত হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰাৰ পাছত চম্পাই ছোৰেনে ৰাজ্যখনৰ দ্বাদশ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছি...

July 4, 2024 1:12 PM

views 36

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে অহা দেওবাৰে হেমন্ত চোৰনৰ শপতগ্ৰহণ

ঝাৰখণ্ড মুক্তি মৰ্চা জে এম এমৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰনে অহা দেওবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চম্পাই চোৰনে কালি হেমন্ত চোৰেন পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ প্ৰশস্ত কৰি ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ইয়াৰ পাছতে হেমন্ত চোৰনে নতুন চৰকাৰ গঠন কৰাৰ বাবে দাবী উত্থাপন কৰে। হেমন্ত চোৰনে ভূমি কেলেংকাৰী সম্পৰ্কীয় কলা ধন বৈধকৰণৰ গোচৰত বিধি বলৱৎকাৰী সঞ্চালকালয়ে যোৱা ৩১ জানুৱাৰীত গ্ৰেপ্তাৰ কৰাৰ কেইঘণ্টা মান পাছতেই পদত্যাগ কৰিছিল।...

July 3, 2024 8:42 PM

views 28

হেমন্ত চোৰেণ পুনৰ ঝাৰখণ্ডৰ ক্ষমতাৰ বাঘজৰী ল’বলৈ সাজু

ঝাৰখণ্ড মুক্তি মৰ্চাৰ কাৰ্য্যবাহী সভাপতি হেমন্ত চোৰেণ পুনৰ ঝাৰখণ্ডৰ ক্ষমতাৰ বাঘজৰী ল'বলৈ সাজু হৈছে। আজি অনুষ্ঠিত আই এন ডি আই মিত্ৰজোটৰ জে জে এম, কংগ্ৰেছ আৰু আৰ জে ডিৰ বিধায়কসকলৰ বৈঠকত হেমন্ত চোৰেণক ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্রী চম্পা চোৰেণৰ ৰাঁচীৰ বাসগৃহত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিধি বলবৎকাৰী সঞ্চালকালয়ে ৩১ জানুৱাৰীত ক'লা ধন বৈধকৰণৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাছত হেমন্ত চোৰেণে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল।