March 28, 2025 7:34 PM March 28, 2025 7:34 PM

views 3

সমগ্ৰ ৰাজ্যতে অহা ১ এপ্ৰিলৰ পৰা ১৭ জুলাইলৈকে স্বাস্থ্য মেলা অনুষ্ঠিত

সমগ্ৰ ৰাজ্যতে অহা ১ এপ্ৰিলৰ পৰা ১৭ জুলাইলৈকে স্বাস্থ্য মেলা অনুষ্ঠিত হব। ইয়াৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ধেমাজি জিলাতো ৬৫ খন গাওঁ পঞ্চায়ত আৰু ২ খন পৌৰসভাত একোখনকৈ স্বাস্থ্য মেলা অনুষ্ঠিত হ'ব। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সেইদিনা ধেমাজিৰ জামুগুৰি পাঁচআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত হ'বলগীয়া স্বাস্থ্য মেলা মুকলি কৰিব। ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কুলেন চন্দ্ৰ বৰগোহাইয়ে আজি এখন সংবাদমেলত এইকথা জানিবলৈ দিয়ে। এই কার্যসূচীত ধেমাজি জ...