August 20, 2024 12:02 PM

views 10

দেশৰ উত্তৰ পশ্চিম, পশ্চিম, পূব আৰু মধ্য অংশত পৰৱৰ্তী চাৰিদিনত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী চাৰিটা দিনত দেশৰ উত্তৰ পশ্চিম, পশ্চিম, পূব আৰু মধ্য অংশত ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। দক্ষিণ ভাৰততো কাইলৈপৰ্যন্ত ধাৰাষাৰ বৰষুণ হ'ব বুলি অনুমান কৰা হৈছে। বিভাগে ২৩ আগষ্টপর্যন্ত জম্মু, হিমাচল প্রদেশ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশতো মুষলধাৰ বৰষুণ হোৱাৰ আগজাননী দিছে। দক্ষিণ বাংলাদেশ তথা নিকটৱৰ্তী অঞ্চলসমূহৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপ আজিও অব্যাহত থাকিব বুলি বিভাগে জানিবলৈ দিছে। এই নিম্নচাপ পৰৱৰ্তী ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ- উত্তৰ পশ্চিম দিশে গতি কৰাৰ সম্ভাৱনা আছে। ...