October 5, 2025 6:59 PM

views 20

উত্তৰবংগৰ দার্জিলিং জিলাত ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত কুৰিজনতকৈ অধিক লোকৰ প্ৰাণহানি

উত্তৰবংগৰ গোৰ্খালেণ্ড আঞ্চলিক প্ৰশাসনৰ অন্তর্গত দার্জিলিং জিলাত কালিৰে পৰা হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত কুৰিজনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। একেৰাহে হৈ থকা প্ৰচণ্ড বৰষুণৰ ফলত মিৰিক, কাৰ্ছিয়ং, ৰংভাং, পুলবাজাৰ আদি এলেকা সমূলি জলবন্দী হৈ পৰাৰ লগতে পাহাৰীয়া জিলা কালিম্পং আৰু কাষৰীয়া বিভিন্ন এলেকাত হোৱা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনে জনসাধাৰণলৈ বিপর্যয় কঢ়িয়াই আনিছে। তিস্তা নৈৰ পানী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰি যোৱাৰ ফলত  যানবাহনৰ চলাচল ব্যাহত হৈ পৰিছে। শিলিগুৰিৰ সৈতে ছিকিমক সংযোগ কৰা ১...

May 30, 2024 2:38 PM

views 24

ৰাজ্যত ধাৰাষাৰ বৰষুণৰ ফলত কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত

ৰাজ্যখনত শেহতীয়াভাৱে ৰীমাল ঘুর্ণিবতাহৰ ফলত হোৱা ধাৰাষাৰ বৰষুণে কেইবাখনো জিলাৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল প্লাৱিত কৰিছে। নগাঁও, হাইলাকান্দি, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ, হোজাই, গোলাঘাট, কাৰ্বি আংলং আদি জিলাৰ বহুকেইখন গাওঁ বানত ক্ষতিগ্ৰস্ত হৈছে। বানে কেইবাটাও পথ প্লাৱিত কৰাৰ ফলত কোনো কোনো অঞ্চলত পথ যোগাযোগ ব্যাহত হৈ আছে। নগাঁও জিলাত কপিলী নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন অঞ্চল প্লাৱিত হোৱাৰ আশংকা কৰি জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা আয়ুক্তই এটা নির্দেশনাযোগে ক...

April 30, 2024 6:59 PM

views 25

উত্তৰ-পূবত পৰৱৰ্তী ৫ দিনত বৰষুণ আৰু তুষাৰপাতৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পৰৱৰ্তী ৫ দিনত বৰষুণ আৰু তুষাৰপাত হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে তেলেংগানা, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ আৰু পুডুচেৰীত অহা ৫ দিনলৈকে গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব পাৰে বুলি প্ৰকাশ কৰিছে। পশ্চিমবংগ, ছিকিম আৰু গুজৰাটতো কাইলৈ পৰ্যন্ত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ অব্যাহত থাকিব বুলি বিভাগটোৱে সকিয়াই দিছে।