September 23, 2024 12:18 PM September 23, 2024 12:18 PM
18
ৰাজ্যত বিগত কেইবাদিনো ধৰি গৰমৰ প্ৰকোপ অব্যাহত
ৰাজ্যত বিগত কেইবাদিনো ধৰি গৰমৰ প্ৰকোপ অব্যাহত আছে। স্বাভাৱিক তাপমাত্ৰা চাৰিৰ পৰা পাঁচ ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যবাসীয়ে অস্বস্তিকৰ পৰিৱেশৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি ৰাজ্যৰ বিভিন্ন অঞ্চলত গ্রীষ্ম প্রবাহৰ মাত্ৰা অত্যধিক হাৰত বৃদ্ধি পাইছে। বিগত দিনকেইটাত তাপমাত্রা ৩৭ৰ পৰা ৩৮ ডিগ্রী চেলছিয়াছ হৈছে যদিও জলবায়ুৰ আৰ্দ্ৰতাৰ বাবে ৪৫ৰ পৰা ৪৮ ডিগ্ৰী চেলছিয়ালছলৈ গৰম অনুভূত হৈ আহিছে। আজি এই তাপমাত্ৰা নূন...