July 17, 2024 9:26 PM

views 14

দেশৰ বিশ্ব ঔষধালয়ৰ অভিধাৰ মৰ্যাদাৰ অনুৰূপ বিশ্বমানৰ ঔষধ নিয়ামক পৰিকাঠামো গঢ়াত গুৰুত্ব আৰোপ জে পি নাড্ডাৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই দেশৰ বিশ্ব ঔষধালয়ৰ অভিধাৰ মৰ্যাদাৰ অনুৰূপ বিশ্ব মানৰ ঔষধ নিয়ামক পৰিকাঠামো গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে উৎপাদিত সামগ্ৰীৰ উচ্চ মান সুনিশ্চিত কৰাৰ বাবে ঔষধ আৰু চিকিৎসা সঁজুলি উদ্যোগৰ সৈতে অবিৰত আলোচনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ঔষধ, প্ৰসাধন সামগ্ৰী আৰু চিকিৎসা সঁজুলিৰ নিয়ামক ব্যৱস্থা সম্পৰ্কীয় এখন পৰ্য্যালোচনা বৈঠকত ভাগ লৈ শ্ৰীনাড্ডাই আজি এইদৰে প্ৰকাশ কৰে। ঔষধৰ উৎপাদক আৰু ৰপ্তানিকাৰী হিচাপে গোলকীয় পৰ্য্যায়ত দেশৰ অগ্ৰণী স্থিতিৰ ওপৰত ...