September 12, 2024 6:23 PM

views 14

৭০ বছৰ বয়সৰ উর্ধবৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ ৫ লাখ টকা পর্যন্ত স্বাস্থ্য বীমাৰ প্ৰস্তাৱত কেন্দ্রীয় কেবিনেটৰ অনুমোদন

কেন্দ্রীয় কেবিনেটে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত আয় নিৰ্বিশেষে ৭০ বছৰ বয়সৰ উর্ধবৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়োৱাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ অন্তত কালি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, এই সিদ্ধান্তৰ ফলত জ্যেষ্ঠ নাগৰিকসকলে ৫ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব। তেওঁ কয় যে, ইয়াৰ পৰা দেশৰ প্ৰায় চাৰে ৪ কোটি পৰিয়াল আৰু ৬ কোটি জ্যেষ্ঠ নাগৰিক উপকৃত হ'ব। যোগ্য জ্যেষ্ঠ না...