October 16, 2025 12:34 PM October 16, 2025 12:34 PM

views 12

ৰাজ্যজুৰি অনুষ্ঠিত ‘শুশ্রূষা সেতু’ শীৰ্ষক স্বাস্থ্য শিবিৰত লক্ষাধিক শিশু আৰু কিশোৰ-কিশোৰীক চিকিৎসা প্ৰদান

অসম চৰকাৰে ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিক সামৰি ৰূপায়ণ কৰা মেগা স্বাস্থ্য শিবিৰ কাৰ্যসূচীৰ অধীনত কালি বিশ্বনাথ, কাছাৰ, কামৰূপ মহানগৰ, নগাঁও আৰু তিনিচুকীয়া জিলাত শিবিৰ মুকলি কৰা হয়। বিশ্বনাথ জিলাৰ কমাৰ্চ কলেজত, কাছাৰ জিলাৰ উদাৰবন্দ বিধানসভা সমষ্টিৰ বাবে, জগন্নাথ সিং কলেজত নগাঁও বটদ্ৰৱা সমষ্টিৰ বাবে, নেহৰুবালি খেলপথাৰত আৰু তিনিচুকীয়া জিলাৰ শদিয়া সমষ্টিৰ বাবে শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিবিৰ মুকলি কৰা হয়। এই শিবিৰসমূহত ১৮ বছৰৰ তলৰ ল'ৰা-ছোৱালীৰ ৫০ টা ৰোগ চিনাক্তকৰণৰ বাবে স্বাস্থ্য পৰীক্...